গুৱাহাটী বিশ্ববিদ্যালয়

গুৱাহাটী: যোৱা ১৩ ফেব্রুৱাৰীত ক্ৰিকেট খেলক লৈ সংঘটিত এক মাৰপিটৰ ঘটনাত জড়িত থকাৰ অভিযোগত অনুজ প্রতিম বৰা নামৰ ছাত্রজনক এবছৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে শিক্ষানুস্থান খনৰ পৰা বহিষ্কাৰ কৰিছে৷ লগতে প্রদীপ্ত তালুকদাৰ নামৰ ছাত্রজনক এটি–৯ বয়জ হোষ্টেলৰ পৰা বহিষ্কাৰ কৰা হয়৷

উল্লেখ্য যে যোৱা ১৩ ফেব্রুৱাৰীত বিশ্ববিদ্যালয়ত আন্তঃছাত্রাৱাস ক্রিকেট প্রতিযোগিতাৰ মাজতে মাৰপিটৰ ঘটনা সংঘটিত হৈছিল৷ এই মাৰপিটৰ ঘটনাত গৱেষক ছাত্র কৰুণা গগৈক বেতেৰে প্রহাৰ কৰি আহত কৰিছিল অনুজ প্রতিম বৰা নামৰ ছাত্রজনে৷ যোৱা ৩ মার্চত বিশ্ববিদ্যালয় কর্তৃপক্ষই অনুষ্ঠিত কৰা সভাৰ সিদ্ধান্তমর্মে এটি–৯ বয়জ হোষ্টেলৰ দুই আৱাসী ক্রমে অনুজ প্রতিম বৰা আৰু প্রদীপ্ত তালুকদাৰৰ বিৰুদ্ধে এই সিদ্ধান্ত গ্রহণ কৰে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply