নগাঁওঃ ৰাজ্যত অব্যাহত আছে ড্ৰাগছ সৰবৰাহ। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাৰ পাছৰে পৰা আৰক্ষী আৰু প্ৰশাসনে অধিক কঠোৰভাৱে নিষিদ্ধ ড্ৰাগছ সৰবৰাহ আৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই আহিছে।

তাৰ মাজতে আজি নগাঁৱৰ ডিফলুত ড্ৰাগছসহ আটক কৰা হৈছে দুটা ড্ৰাগছ সৰবৰাহকাৰীক। জানিব পৰা মতে, মহখুলীৰ পৰা নগাঁৱলৈ আহি থকা অৱস্থাত ড্ৰাগছ সহ এই সৰবৰাহকাৰী দুটাক ডিফলু তিনিআলিত একাংশ স্থানীয় লোকে কৰায়ত্ত কৰে।

আটক কৰা ধৃত মৃণাল ভূঁঞাৰ ঘৰ নগাঁও ছয় আলিত আৰু হীৰক জ্যোতি বৰাৰ ঘৰ ডিফলুত৷ স্থানীয় লোক কেইগৰাকীয়ে এই সৰবৰাহকাৰী দুটাক আটক কৰি আৰক্ষীক গতাই দিয়ে। আৰু নগাঁও ইটাচালী আৰক্ষীয়ে ইতিমধ্যে দুয়োকে জিম্মাত লৈছে বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply