গুৱাহাটী : নুনমাটিৰ অসম জাতীয় বিদ্যালয়ত ক’ভিড আতংক। অসম জাতীয় বিদ্যালয়ৰ দুজন শিক্ষক ক’ভিডত আক্রান্ত। ৬ দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে বিদ্যালয়খন।
নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ দুজন শিক্ষক ক’ভিডত আক্রান্ত হৈছে। অসম জাতীয় বিদ্যালয়ৰ প্ৰিন্সপাল ঘনশ্যাম মেধীয়ে বিদ্যালয়খনৰ দুজন শিক্ষক ক’ভিডত আক্রান্ত হোৱা বুলি জানিবলৈ দিছে।
যোৱা ২৬ আৰু ২৭নৱেম্বৰত বিদ্যালয়খনৰ শিক্ষক আৰু শিক্ষাৰ্থী সকলৰ ক’ভিড টেষ্ট কৰোৱা হৈছিল। টেষ্টৰ ফলাফলত দুখন শিক্ষক ক’ভিডত আক্রান্ত বুলি ধৰা পৰে।
লগতে পঢ়ক : মাৰ্ঘেৰিটাত চোৰাং কয়লা সহ গ্ৰেপ্তাৰ দুই কয়লা চোৰ
দুজন শিক্ষক ক’ভিডত আক্রান্ত হোৱাৰ পিছতে ২৯ নৱেম্বৰৰ পৰা ৬ দিনৰ বাবে বিদ্যালয়খন বন্ধ কৰি দিয়া হৈছে। উল্লেখ্য যে ক’ভিডৰ বাবে দীর্ঘদিন ধৰি বন্ধ হৈ থকা শিক্ষানুষ্ঠান সমূহ মুকলি কৰাৰ পিছতে ক’ভিডৰ সংক্ৰমণ দেখিবলৈ পোৱা গৈছে।