বিলাসীপাৰা : বঙাইগাঁও আৰু গোৱালপাৰাৰ চিলনী চোৰক আটক কৰিলে বিলাসীপাৰা আৰক্ষীয়ে। বিলাসীপাৰাত মহিলাৰ ডিঙিত পৰা সোণৰ চেন থপিয়াই বিপদত পৰিল বঙাইগাঁও আৰু গোৱালপাৰা জিলাৰ দুই চিলনী চোৰ। আৰক্ষীয়ে খেদি খেদি পথাৰৰ মাজত আটক কৰিলে দুই চিলনী চোৰক।

ধুবুৰী জিলাৰ বিলাসীপাৰাত এগৰাকী মহিলাৰ ডিঙিৰ পৰা সোণৰ চেন থপিয়াই নি বিপদত পৰে দুই চিলনী চোৰ। ই-ৰিক্সাৰে গৈ থকা অৱস্থাত জোনমণি নাথ নামৰ এগৰাকী মহিলাৰ ডিঙিৰ পৰা সোণৰ চেন থপিয়াই পলায়ন কৰে দুই চিলনী চোৰ। মহিলা গৰাকী বেলতলী চাৰিআলিৰ পৰা ই-ৰিক্সাত গোপী গাঁৱলৈ গৈ থকা অৱস্থা সংঘটিত হয় এই ঘটনা।

লগতে পঢ়ক : মোদী মন্ত্ৰীসভাত স্থান লাভ সৰ্বানন্দ সোণোৱালৰ, দ্বিতীয়বাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীত্ব

ঘটনাৰ সময়ত বেলতলী চাৰিআলিত উপস্থিত থকা কফিলউদ্দিন আৰু যানবাহন আৰক্ষী জীৎ ৰায় সৰকাৰৰ লগতে কেইবাগৰকী আৰক্ষীৰ লোকে চিলনী চোৰ দুজনক বেলতলী চাৰিআলিৰ পৰা খেদি খেদি উদমাৰীত খেতি পথাৰৰ মাজত আটক কৰিবলৈ সক্ষম হয়। আটকাধীন চিলনী চোৰ দুজন বঙাইগাঁও জিলাৰ ভাঁওলাগুড়ী গাঁৱৰ সানিদুল ইছলাম আৰু গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ ৰেজ্জাউল ইছলাম বুলি জানিব পৰা গৈছে।।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply