ৰিতুল শইকীয়াক বিচাৰি অসম ৰাইফলচ, নাগালেন্ড পুলিচৰ যৌথ অভিযানৰ মাজতে নাগালেণ্ডৰ ম’ন জিলাৰ মীনাক্ষু আৰু চাংলাংচুৰ মাজত আলফা স্বাধীনৰ দুই সদস্যই আত্মসমৰ্পন কৰাৰ খবৰ আহিছে।
আসাম ৰাইফলছৰ ওচৰত আলফা স্বাধীনৰ দুই কেডাৰে আত্মসমৰ্পণ কৰা বুলি জানিব পৰা গৈছে।
আত্মসমৰ্পণ কৰা দুই আলফাৰ এজনৰ নাম গোলাঘাটৰ বদন গগৈ আৰু অন্যজন বাস্কাৰ নয়নজ্যোতি ৰাজবংশী বুলি জানিব পৰা গৈছে।
সম্প্ৰতি দুয়ো আলফা স্বাধীনৰ সদস্যক মিনাক্ষুৰ ৩৫ নং আসাম ৰাইফলছৰ শিবিৰত সোধাপোছা অব্যাহত ৰাখিছে আসাম ৰাইফলছৰ বিষয়াই।