বৰপেটা : বৰপেটা চহৰৰ মাজমজিয়াত দুটা বনৰীয়া হাতী। বনাঞ্চলৰ পৰা আহি বৰপেটাৰ জনাঞ্চলত প্ৰৱেশ দুটা বনৰীয়া হাতীৰ। চহৰৰ মাজমজিয়াত হাতী চাবলৈ ৰাইজৰ ভিৰ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আহে হাতী আৰু মানুহৰ সংঘাত। উজনি-নামনিৰ কেইবাখনো জিলাত হাতী আৰু মানুহৰ সংঘাতে দিনক দিনে ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে।

গোলাঘাট, নগাঁও, ওদালগুৰি আৰু কামৰূপ জিলাৰ বকোৰ লগতে গোৱালপাৰা জিলাত প্ৰতিদিনে বনৰীয়া হাতীৰ জাক বনাঞ্চলৰ পৰা ওলাই আহি খেতি পথাৰত প্ৰৱেশ কৰি ধান খাই তহিলং কৰিছে। মানুহৰ ঘৰ দুৱাৰ ভাঙি হাতীৰ জাকে সন্ত্ৰাস চলাই আছে বহু অঞ্চলত।

এইবাৰ বৰপেটা চহৰত প্ৰৱেশ কৰিছে বনৰীয়া হাতী। চহৰৰ মাজমজিয়াত ঘূৰি ফুৰা দুটা বনৰীয়া হাতীক চাবলৈ বহু লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে। হাতী দুটাক খেদি পঠিয়াবলৈ বন বিভাগে অভিযান আৰম্ভ কৰিছে।

লগতে পঢ়ক : চৰকাৰক ‘কা’ বাতিলৰ দাবী এন ডি এৰ মিত্ৰদল এন পি পিৰ

হাতী দুটা কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। হাতী দুটা বৰপেটা চহৰৰ মৰা নৈৰ কাষত হাবিৰ মাজত আশ্ৰয় গ্ৰহণ কৰি আছে। বহু লোকে হাতী চাবলৈ ভিৰ কৰিছে যদিও একাংশ লোক আতংকিত হৈ পৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply