ক্ষেত্ৰী : ৰে’লৰ খুন্দাত দুটাকৈ বনৰীয়া হাতীৰ মৃত্যু। মহানগৰীৰ কাষৰীয়া ক্ষেত্ৰীত ৰে’লৰ খুন্দাত মৃত্যু হৈছে দুটাকৈ বনৰীয়া হাতীৰ। ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত বনৰীয়া হাতী দুটাৰ মৃত্যু হয় বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

বুধবাৰে পুৱাৰ ভাগত মহানগৰীৰ কাষৰীয়া ক্ষেত্ৰীত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত দুটা বনৰীয়া হাতীৰ কৰুণ মৃত্যু ঘটা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত ওলাই আহিছিল বনৰীয়া হাতী দুটা।

লগতে পঢ়ক : ১৩টি ভাষাৰ গীত গাই প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে এগৰাকী কিশোৰীয়ে

ৰে’ল লাইন অতিক্ৰম কৰিবলৈ লওঁতে বনৰীয়া হাতী দুটাৰ ৰে’লৰ খুন্দাত মৃত্যু ঘটে। ক্ষেত্ৰীত বৰাহুত এই কৰুণ ঘটনা সংঘটিত হৈছে। ৰে’লৰ খুন্দাত দুটাকৈ বনৰীয়া হাতীৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোৰ শোকৰ ছাঁ পেলাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply