এক গণ প্ৰহাৰৰ ঘটনা সংঘটিত হৈছে বৰপেটা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেকী নদীৰ দলঙৰ সমীপতত। এদল লোকে দুগৰাকী যুৱতীক আক্ৰমণ কৰা ঘটনা সংঘটিত হৈছে।

জানিব পৰামতে, বৰপেটা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰীয়া এখন ধাবাত অনৈতিক কার্যকলাপ সংঘটিত কৰাৰ বাবে মহিলাকেইগৰাকীক ৰাইজে আক্ৰমণ কৰে। মহিলাকেইগৰাকীক ধাবাৰ পৰা টানি উলিয়াই মৌখিক গালি-গালাজ কৰাৰ লগতে ৰাজপথতে যুৱতী দুগৰাকীক বাঁহেৰে মৰিয়াওৱাৰ উপৰিও ভৰি, হাতেৰে প্ৰহাৰ কৰি অকথ্য নিৰ্যাতন চলাই একাংশ লোকে।
ধাবাখন ভাঙি লণ্ডভণ্ড কৰাৰ লগতে যুৱতী দুগৰাকীৰ লগতে ধাবাত থকা এজন গ্ৰাহককো মাৰপিট কৰে লোকসকলে।
পিছত দুই এজন যুৱকৰ তৎপৰতাৰ বাবে যুৱতী দুগৰাকী ৰক্ষা পৰে।
ঘটনাৰ বলি হোৱা যুৱতী দুগৰাকীৰ ভিতৰত এগৰাকী ৰঙিয়াৰ আৰু আনগৰাকী পাঠশালাৰ।
ঘটনাৰ পিছত যুৱতী দুগৰাকীক বৰপেটাৰ আৰক্ষীক গতাই দিয়া হয়।