জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বগাবিল গাঁৱৰ শিক্ষিত নিবনুৱা যুৱক পদ্ম কাৰ্কি আৰু প্ৰদীপ ঘিমৰে দেখুৱাইছে স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন ।
আমাৰ পথাৰ, আমাৰ বজাৰ মূল মন্ত্ৰ লৈ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা ভৰলীপৰীয়া কন্যকা কৃষি পামত থকা দুগ্ধ ফাৰ্মৰ আদৰ্শৰে টুপিয়া বগাবিলৰ এই দুজন নিবনুৱা যুৱকে ১১জনী জাৰ্চি গাই পালন কৰি দুগ্ধ উৎপাদনৰে জৰিয়তে পৰিয়াল পোহপাল দিয়াৰ লগতে এক স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে ।
তেওঁলোক এতিয়া হৈ পৰিছে হাজাৰজনৰ বাবে এক আদৰ্শ । যি সময়ত একাংশ নিবনুৱা যুৱকে কৰ্ম সংস্থাপনৰ বাবে বহিঃ ৰাজ্যলৈ ঢাপলি মেলে তেনে সময়তে এই দুজন যুৱক বহিঃ ৰাজ্যলৈ নগৈ বেংকৰ সহায় লৈ এনেদৰেই নিজ গৃহতে দুগ্ধ ফাৰ্মৰ জৰিয়তে সংস্থাপনৰ বাট মুকলাইছে।
যুৱকদুজনে ২০২০ চনত শুভাৰম্ভ কৰিছিল উক্ত দুগ্ধ ফাৰ্মখন ।
লগতে পঢ়কঃকামপুৰত মহিলাক একেলগে দিলে দুটাকৈ ক’ভিড ভেকচিন
শিক্ষিত নিবনুৱা যুৱক দুজনে অনাগত দিনত চৰকাৰৰ পৰা আঁচনিৰ জৰিয়তে আৰ্থিক সাহাৰ্য্য পালে অধিক দুগ্ধ উৎপাদন লগতে ছাগলী পালন, মীনপালন কৰাৰো পৰিকল্পনা হাতত লৈছে।
লকডাউনৰ সময়চোৱাত প্ৰতি দিনে ৭০ লিটাৰ গাখীৰ কন্যকা দুগ্ধ ফাৰ্মত দিবলৈ সক্ষম হৈছে ।
বহিঃৰাজ্যলৈ নগৈ এই দুজন শিক্ষিত নিবনুৱা যুৱকে নিজ গৃহতে কৰ্ম সংস্থাপনৰ বাট মুকলাই লোৱাৰ বাবে অঞ্চলবাসীয়ে প্ৰশংসা কৰে।