গোলাঘাট : গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিনৰে পৰা চলি থকা ড্ৰাগছৰ ভয়াবহ প্ৰচলনে জিলাখনৰ যুব প্ৰজন্মক বাৰুকৈয়ে গ্ৰাস কৰিছে।
বিগত সময়ত আৰক্ষীয়ে বিভিন্ন স্থানৰ পৰা বহু পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰী আৰু সেৱন কাৰী গ্ৰেপ্তাৰ কৰাৰৰ পাছতো অন্ত পৰা নাই ড্ৰাগছৰ প্ৰচলন। দেওবাৰেও গোলাঘাট চহৰৰ চন্দন নগৰত ড্ৰাগছৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ অভিযান চলায় ।
ড্ৰাগছ ব্যৱসায়ী জনাৰ্দন বৰদলৈ বাসগৃহত তালাচী চলাই আৰক্ষীয়ে তেওঁৰ বাসগৃহৰ পৰা লুকুৱাই থোৱা অৱস্থাত কিছু পৰিমাণে ড্ৰাগছ আৰু চিৰিঞ্জ উদ্ধাৰ কৰাৰ লগতে ৰূপৰ জোতা আকৃতিৰ এবিধ সামগ্ৰী উদ্ধাৰ কৰে গোলাঘাট আৰক্ষীয়ে।
উল্লেখযোগ্য যে, জনাৰ্দন বৰদলৈ ড্ৰাগছ আসক্ত হোৱাৰ লগতে বহুদিনৰ পৰা এই ড্ৰাগছ ব্যৱসায় চলাই আহিছিল । দেওবাৰে এই অভিযানত জনাৰ্দন বৰদলৈ বাসগৃহত ড্ৰাগছ উদ্ধাৰ কৰি গ্ৰেপ্তাৰ কৰে গোলাঘাট আৰক্ষীয়ে। যুবক জনে নিজে ব্যবহাৰ কৰাৰ বাবেই ড্ৰাগছ খিনি অনা বুলি স্বীকাৰ কৰে ।
আৰক্ষীয়ে অনুপ দাস নামৰ আন এজন যুবককো ড্ৰাগছ সৰবৰাহ আৰু সেৱনৰ সৈতে জড়িত থকাৰ অপৰাধত আটক কৰিছে ।