শংকৰদেৱ গুৰুজনাৰ সম্পৰ্কে অশালীন মন্তব্য কৰি আৰক্ষীৰ জালত পৰিল ডবকাৰ দুই যুবক।
হোজাই জিলাৰ ডবকাৰ হালধীআাটিৰ পৰা ৰুবুল হুচেইন নামৰ যুবকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতেই হোজাই জিলা আমছুৱে এই ঘটনাৰ সৈতে জড়িত আনজন যুবক আৰিফউদ্দিনক আৰক্ষীৰ চমজাই দিয়ে।

ঘটনা সন্দৰ্ভত হোজাই জিলা আমছুৰ হৈ সভাপতি কবিৰ আহমেদে অভিযুক্ত যুৱকদ্বয় ক্ৰমে ৰুবুল হোছেইন আৰু আৰিফ উদ্দিনৰ বিৰুদ্ধে ডবকা আৰক্ষী থানাত এটা গোচৰ তৰে ৷

দুয়োজন যুবকে গুৱাহাটীলৈ আহি শংকৰদেব কলাক্ষেত্ৰত থকা গুৰুজনাৰ প্ৰতিমূৰ্তিৰ সন্মুখত ৰৈ কিছু অশ্লীল তথা অসাংবিধানিক মন্তব্য দিছিল। ৰুবুল ইছলাম নামৰ যুৱকজনৰ সেই কথাখিনি ৰেকৰ্ড কৰিছিল আৰিফ উদ্দিন নামৰ যুৱকজনৰ মোবাইলত ৷ সেই ফুটেজ ছ’চিয়েল মিডিয়া যোগে ভাইৰেল হোৱাৰ পিছতেই ৰাজ্যজুৰি প্ৰতিবাদ হৈছিল। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুয়োকে জেৰা চলাই আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply