গুৱাহাটী : মহানগৰীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। কালীপুৰ আৰু আদিংগিৰিৰ পৰা গ্ৰেপ্তাৰ দুই ড্ৰাগছ সৰবৰাহকাৰী। জব্দ ৪১ টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, নগদ ধন আৰু মটক চাইকেল।
নিশা ভৰলু আৰক্ষীয়ে এক ড্ৰাগছ বিৰোধী অভিযান চলাই দুজন ড্ৰাগছ সৰবৰাহকাৰীক জালত পেলাবলৈ সক্ষম হয়। মহানগৰীৰ কালীপুৰ আৰু আদিংগিৰিৰ পৰা ভৰলু আৰক্ষীয়ে জিতু দাস আৰু দীপজ্যোতি কলিতা নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।
গোপন সূত্ৰৰ পম খেদি ভৰলু আৰক্ষীয়ে চলোৱা এই ড্ৰাগছ বিৰোধী অভিযান ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ কবলৰ পৰা ৪১ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, নগদ ২৫ হাজাৰ টকা আৰু এখন মটৰ চাইকেল জব্দ কৰে। অঞ্চল দুটাত ড্ৰাগছ সৰবৰাহকাৰী দুজন দীর্ঘদিন ধৰি ড্ৰাগছৰ বেহা চলাই আছিল।
লগতে পঢ়ক- পলাশবাৰীত ৰেলৰ খুন্ডাত হাতীৰ কৰুণ মৃত্যু