ফাকুৱা উৎসবৰ মাজতে যোৰহাটৰ ভোগদৈ নৈত দুজন যুৱকৰ সলিল সমাধি ।ফাকু খেলি ভোগদৈ নৈত গা ধুবলৈ যাওঁতে যুৱকদুজনক পানীত ডুব যায় । পাছত স্থানীয়লোকে যুৱক দুজনৰ মৃতদেহ উদ্ধাৰ কৰিছে ।
ৰাষ্ট্ৰীয় উপ-পথৰ ভোগদৈ নৈত ফাকুখেলি গা ধুবলৈ যোৱা দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ । স্থানীয়লোকে তিনিজন যুৱকে গা ধুবলৈ নৈত পানীত নামিছিল বুলি জনাইছে ।
স্থানীয়লোকৰ সহযোগত এছডিআৰএফে দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰিছে । বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । যুৱক দুজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই ।