গুৱাহাটী : ৰাজ্যত কভিডৰ ব্যাপক সংক্ৰমণৰ মাজতে অব্যাহত আছে বন্যপ্ৰাণীৰ সৰবৰাহ। বিশেষকৈ ৰাজ্যত বিগত সময়ছোৱাত ব্যাপক হাৰত বৃদ্ধি পাইছে কেঁকো সাপৰ সৰবৰাহ। অসমৰ পৰা কেঁকো সাপ সৰবৰাহৰ লগত এক বৃহৎ চক্ৰ জড়িত থাকৰ অভিযোগ দীৰ্ঘদিন ধৰি উত্থাপিত হৈছে আছে।
ইয়াৰ মাজতে মহানগৰী গুৱাহাটীত কেঁকো সাপ সৰবৰাহৰ লগত জড়িত চক্ৰৰ সদস্য গ্ৰেপ্তাৰ হৈছে। যোৰাবাট আৰক্ষীৰ এটা দলে মঙলবাৰে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই খানাপাৰা অঞ্চলৰ পৰা কেঁকো সাপসহ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাণা ভূঁইয়াৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে অভিযান চলাই এই বৃহৎ সাফল্য লাভ কৰে।
যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাণা ভূঁইয়াই অভিযান সন্দৰ্ভত কয় “আমি তথ্য পাইছিলো যে কিছুমান লোকে কেঁকো সাপ লৈ গুৱাহাটীলৈ গৈ আছে। তথ্য পোৱাৰ লগে লগে আমি এটা অভিযান আৰম্ভ কৰি খানাপাৰা অঞ্চলৰ পৰা দুজন যুৱকক কেঁকো সাপসহ আটক কৰিবলৈ সক্ষম হওঁ”। ধৃত যুৱক দুজনৰ কবলৰ পৰা আৰক্ষীয়ে চাৰিটা কেঁকো সাপ উদ্ধাৰ কৰে।
ধৃত যুৱক দুজন হৈছে ক্ৰমে ৰফিক আলী আৰু চামচু লামা। যুৱক দুজনে টকাৰ বিনিময়ত যোৰাবাটৰ পৰা খানাপাৰালৈ কেঁকো সাপ কেইটা এটা বেগত কঢ়িয়াই লৈ গৈছিল। আৰক্ষীয়ে কেঁকো সাপসহ যুৱক দুজনক বন বিভাগক গতাই দিয়ে। বন বিভাগে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।