বকো : বকোৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুর্ঘটনা। অচিনাক্ত বাহনে মহতিয়াই নিয়ে দুজন যুৱকক। থিতাতে নিহত যুৱক দুজন।

মৰণফান্দত পৰিণত হৈছে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। বিগত সময়ছোৱাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এটাৰ পিছত আনটো পথ দুর্ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে। পুনৰ এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হৈছে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত।

বুধবাৰে নিশা বকোৰ বন্দাপাৰাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰৰ এক ভয়ংকৰ পথ দুর্ঘটনাত দুজনকৈ যুৱক নিহত হয়। অচিনাক্ত বাহনে যুৱক দুনজক মহতিয়াই নিয়াত থিতাতে নিহত হয় যুৱক দুজন।

লগতে পঢ়ক : হাতীৰ দাঁতসহ ভাৰত-ভূটান সীমান্তত দুজন চোৰাং চিকাৰী গ্ৰেপ্তাৰ

নিহিত যুৱক দুজন ধুপধাৰাৰ নয়ন প্ৰধান আৰু সঞ্জয় কলিতা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে যুৱক দুজনৰ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,503 other subscribers

Leave a comment

Leave a Reply