খেৰণি: কঁপিলী নৈত গা ধুবলৈ গৈ সলীল সমাধি ঘটিল ভাতৃ-ভগ্নীৰ।পশ্চিম কাৰ্বি আংলঙৰ খেৰণি থানা অন্তৰ্গত ৱাতিজুৰৰ ছিলভেটাত ঘটিল এই অঘটন।
কঁপিলী নৈত গা ধুবলৈ গৈ পৱণ কুমাৰ সিঙৰ পুত্ৰ ৰবি কুমাৰ সিং নামৰ চৈধ্য বছৰীয়া কিশোৰৰ সলিল সমাধি ঘটে । ৰবি কুমাৰৰ ভগ্নী আদিত্য কুমাৰী নামৰ কিশোৰী গৰাকীকো সংকটজনক অৱস্থাত উদ্ধাৰ কৰি খেৰণি আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে স্থানীয় ৰাইজে।
কিন্তু চিকিৎসালত আদিত্য কুমাৰীৰো মৃত্যু হয় বুলি জানিব দিয়ে চিকিৎসকে। উল্লেখযোগ্য যে ষট্ পূজা উপলক্ষে গুৱাহাটীৰ পৰা ৱাতিজুৰৰ ছিলভেটাৰ মোমায়েকৰ ঘৰলৈ আহিছিল সিং পৰিয়ালটো। ঘটনাক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টিৰ লগতে এক শোকৰ ছাঁ পৰিছে অঞ্চলটোত।
লগতে পঢ়ক- অভয়পুৰ সংৰক্ষিত বনাঞ্চলত আৰক্ষীৰ অভিযান! আটক ছয়জন চোৰাং কাঠ সৰবৰাহকাৰী