শিৱসাগৰ : নদীৰ মাজৰ পৰা মাতৃ-কন্যাক উদ্ধাৰ কৰিলে দুই যুৱকে। দিখৌ নদীত জাঁপ দিছিল এগৰাকী যুৱতী। নিশা আন্ধাৰত অতি সাহসীকতা দেখুৱাই দুই যুৱকে দিখৌ নদীত জাঁপ দি যুৱতী গৰাকীৰ লগতে যুৱতী গৰাকীৰ মাতৃক উদ্ধাৰ কৰে।
সোমবাৰে সন্ধিয়া প্ৰায় ৬ বজাত শিৱসাগৰত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী ১৩ বছৰীয়া যুৱতীয়ে দিখৌ নদীত জাঁপ দি আত্মহত্যাৰ চেষ্টা চলায়। যুৱতী গৰাকীয়ে দিখৌ নদীত জাঁপ দিয়া প্ৰত্যক্ষ কৰে দুজন যুৱকে।
লগতে পঢ়ক : শুকান মাছৰ ব্যৱসায়ীৰ জুপুৰীৰ পৰা জব্দ ৪৭ লাখ ৫০ হাজাৰ টকা
আফছৰ আলী আৰু ৰমজান আলী নামৰ যুৱক দুজনে যুৱতী গৰাকী নদীত জাঁপ দিয়া প্ৰত্যক্ষ কৰি লগে লগে নদীত জাঁপ দি যুৱতী গৰাকীৰ লগতে যুৱতী গৰাকীৰ মাতৃক উদ্ধাৰ কৰে। যুৱতী গৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে।