ৰাজ্যত পুনৰ আৰম্ভ হৈছে চিকিৎসকক আক্ৰমণ। ডিব্ৰুগড়ত নিজ গৃহতে এজন চিকিৎসকক হত্যাৰ অপচেষ্টা দুজন যুৱকৰ। বৈৰাগীমঠৰ কিৰণ শইকীয়া আৰু ৰুমা শইকীয়াৰ পুত্ৰ ডাঃ গীতাৰ্থ শইকীয়া। চিকিৎকজনৰ নাম ডাঃ গীতাৰ্থ শইকীয়া।

জানিব পৰা মতে, চিকিৎসক হিচাপে মাজুলিত ইণ্টাৰ্ণশ্বিপ কৰি ডাঃ গীতাৰ্থ শইকীয়াই মাজুলীৰ পৰা আহি নিজ গৃহত উপস্থিত হয়। আৰু অলপ সময়ৰ পাছতে দুজন যুৱক চিকিৎসক জনৰ ঘৰলৈ আহে। চিকিৎসকজন বাহিৰলৈ উলাই যোৱাৰ পিছতে যুৱক দুজনে গীতাৰ্থ শইকীয়াক উপৰ্যুপৰি প্ৰহাৰ কৰে।

তথ্য অনুসৰি, যুৱকদুজনৰ আক্ৰমণত ডাঃ গীতাৰ্থ শইকীয়া গুৰুতৰভাবে আহত হয়। আঘাতপ্ৰাপ্ত চিকিৎসকজনক যুৱকদুজনে মুমূৰ্ষ অৱস্থাত চোতালতে পেলাই থৈ যায়। আক্ৰমণত চিকিৎসকজনৰ এখন কান চিগি যায় আৰু শৰীৰৰ বিভিন্ন স্হানত আঘাত পোৱা বুলি জানিব পৰা গৈছে ।

আনহাতে, দেৱৰাজ বৰগোহাঁই আৰু আন এজন যুৱকৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ উত্থাপন কৰিছে ডাঃ গীতাৰ্থ শইকীয়াৰ পৰিয়ালে। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালটোয়ে।আৰক্ষীয়ে তালাচী চলাই যদিও বৰ্তমানলৈকে আৰক্ষীয়ে আক্ৰমণকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply