লিডুঃ বৌদ্ধ ধৰ্ম আৰু সংস্কৃতিৰ অন্যতম মহাৰথী ইউ গুনাৱন্ত ভান্তেৰ শুকুৰবাৰে ১০৩ সংখ্যক জন্মদিন অতি উলহ মালহেৰে উদযাপন কৰা হয় ৷ লিডুৰ মোলাং বৌদ্ধ বিহাৰত পুৱাৰে পৰা অনুষ্ঠিত বৰ্ণাঢ্য অনুষ্ঠানটিত কেইবা শতাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে ৷

সমাজৰ সৰ্বাঙ্গীন উন্নয়ন আৰু ভাতৃত্ববোধৰ স্বাৰ্থত আজীৱন ত্যাগ স্বীকাৰ কৰি অৱশেষত ২০১৮ চনত মহাপ্ৰয়ান ঘটে ইউ গুনাৱন্ত ভান্তেৰ ।

লগতে পঢ়কঃআমগুৰিৰ শিক্ষানুষ্ঠানত ক’ভিডৰ দ্ৰুত সংক্ৰমণ

সুদুৰ ম্যানমাৰৰ পৰা আহি অসমত ধৰ্ম প্ৰচাৰ কৰা তথা স্থানীয় ৰাইজৰ মাজত এক শক্তিশালী ভাতৃত্ববোধৰ ভেটি গঢ়ি যোৱা ইউ গুনাৱন্ত ভান্তেৰ অনুপস্থিতি সকলোৱে উপলব্ধি কৰে ৷ অনুষ্ঠানটিত পূৰ্বাঞ্চল ভিক্ষু সমাজৰ বহুকেইজন বৌদ্ধ ভিক্ষু উপস্থিত থাকে ৷ উল্লেখ্য যে নিশালৈ এহাজাৰ বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটিৰ সামৰণি পৰিব ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,596 other subscribers

Leave a comment

Leave a Reply Cancel reply