ওদালগুৰিঃ ওদালগুৰি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰ্ণগাঁৱত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই এখন তীব্ৰবেগী বাহনখন দুৰ্ঘটনাত পতিত হয়। শুকুৰবাৰে পুৱা প্ৰায় ৩.১৫ বজাত এখন ওখ দলঙৰ সমীপতে সংঘটিত এই দুৰ্ঘটনাত আহত হয় তিনিজনকৈ লোক।
জানিব পৰা মতে, ওদালগুৰি অভিমুখী ডব্লিউবি ০৬বি ৪৫৬৬ নম্বৰৰ টয়টা বাহন এখনে তীব্ৰবেগেৰে আহি নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়। এই দুৰ্ঘটনাত আহতসকল ক্ৰমে- ৰাজু গুপ্তা, সুমিত সাহা আৰু দূৰ্গেশ। আহত কেইজনক ১০৮ এম্বুলেন্সৰ জৰিয়তে সমীপতে থকা ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
ইফালে, আঘাত গুৰুতৰ হোৱাত তিনিওজনকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। আহত সকলৰ স্বাস্থ্যৰ সৱিশেষ লাভ কৰা হোৱা নাই যদিও বাতৰি লিখা পৰলৈ দূৰ্গেশ নামৰ আৰোহীজনৰ অৱস্থা অধিক সংকটজনক বুলি জানিব পৰা হৈছে।