ওদালগুৰি : সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰি জিলাতো মাৰাত্মক ক’ভিডে ভয়াবহ ৰূপ ধাৰণ কৰিছে। জিলাখনত ব্যাপক হাৰত ক’ভিডৰ সংক্ৰমণ ঘটা পৰিলক্ষিত হৈছে। প্ৰতিদিনে নতুন নতুন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। ইয়াৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ একাধিক অঞ্চল কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰাৰ লগতে সকলো সাপ্তাহিক বজাৰ বন্ধ ঘোষণা কৰিছে ওদালগুৰি জিলা প্ৰশাসনে।

জিলাখনত সাপ্তাহিক বজাৰ সমূহ বন্ধ ৰখাৰ লগতে ৰাজ্য চৰকাৰৰ নতুন এছ অ পি জৰিয়তে ক’ভিড প্ৰ’টকল মানি চলিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। চৰকাৰৰ নিৰ্দশনা অনুসৰি দিনৰ ১১ বজালৈ দোকান-পোহাৰ আৰু বেংক সমূহ খোলা থাকে। এই সময়ছোৱাত জিলাখনত বেংক আৰু ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ সন্মুখত ব্যাপক ভিৰ পৰিলক্ষিত হৈছে।

উল্লেখ্য যে জিলাখনত একাধিক চাহ বাগিচা আৰু গাঁও অঞ্চল আছে। এই চাহ বাগিচাৰ শ্ৰমিক সকলে আৰু গাঁও অঞ্চলৰ অধিকাংশ জনসাধাৰণে সাপ্তাহিক বজাৰ সমূহত বজাৰ কৰিছিল। ঠিক একেধৰণে বেংক সমূহটো ধন জমা অথবা উলিয়াবলৈ চাহ বাগিচাৰ শ্ৰমিক আৰু গাঁৱৰ লোকসকলে সপ্তাহৰ ছয় দিনে সময় পাইছিল। এতিয়া দিনৰ এঘাৰ বজাতেই দোকান-পোহাৰ আৰু বেংক সমূহ বন্ধ কৰি দিয়াত জিলাখনৰ গ্ৰাম্যঞ্চলৰ লোকসকল আৰু বাগিচাৰ শ্ৰমিক সকল যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে।

বিশেষকৈ বেংকৰ লেন-দেন কৰাৰ ক্ষেত্ৰত অধিক হাৰাশাস্তিৰ সন্মুখীন হৈছে এই সকল লোক। কাৰণ দোকান-পোহাৰ সমূহ পুৱা সাত বজাৰ পৰা দিনৰ এঘাৰ বজালৈ খোলা থাকে যদিও বেংক সমূহ দিনৰ দহ বজাৰ পৰা এঘাৰ বজালৈ মাত্ৰ এঘন্টাৰ বাবেহে খোলা ৰখাত গ্ৰাহক সকল যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা দেখা গৈছে। জিলাখনৰ গ্ৰাম্যঞ্চল আৰু চাহ বাগিচাৰ শ শ লোকে প্ৰতিদিনে ৰাতিপুৱাই ঘৰৰ পৰা ওলাই আহি দিনৰ দহ বজালৈ বেংকৰ সন্মুখত দীঘলীয়া শাৰী পাতি বেংকৰ ভিতৰলৈ গৈ নাপাওতেই ইফালে বেংকৰ লেন-দেন বন্ধ হৈ পৰে।

এই সকল লোকে বেংকৰ পৰা সাধাৰণ টকা কেইটামান উলিওৱাৰ নামত ক’ভিডৰ ভয়াবহ পৰিস্থিতিৰ মাজতো তিনি-চাৰিদিন বেংকৰ বাহিৰত শাৰী পাতি থিয় হ’বলগীয়া হৈছে। দৈনিক এনেকৈ বেংকৰ গ্ৰাহকৰ সংখ্যা বাঢ়ি গৈ বেংকৰ সন্মুখত শ শ লোকে ক’ভিড প্ৰ’টকল ভংগ কৰি ভিৰ কৰা পৰিলক্ষিত হৈছে।

আৰু পঢ়কঃ পঞ্চদশ বিধান সভাৰ অধ্যক্ষৰূপে দায়িত্ব ল’লে বিশ্বজিৎ দৈমাৰী

বেংক সমূহৰ সন্মুখত এনেকৈ দৈনিক শ শ লোকৰ ভিৰ দেখি ক’ভিডৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ ভয়ত সচেতন নাগৰিক সকল চিন্তিত হৈ পৰিছে।জিলাখনৰ একাংশ সচেতন নাগৰিক আৰু দল-সংগঠনে ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি বেংক সমূহ যাতে পুৱা আঠ বজাতে খোলাৰ ব্যৱস্থা কৰে তাৰ বাবে অসম চৰকাৰ আৰু বেংক কৰ্তৃপক্ষৰ ওচৰত অনুৰোধ জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply