ওদালগুৰিঃ ওদালগুৰিৰ টংলাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। টংলাৰ হোমিওপেথিক চিকিৎসক ডাঃ জয়ন্ত কুমাৰ শৰ্মাই মঙলবাৰে পুৱতি নিশা টংলা বৰজলাহস্থিত বাসগৃহত পত্নীক দাৰে ঘপিয়াই গুৰুতৰভাৱে আহত কৰে আৰু লগতে নিজেও টংলা ষ্টেডিয়ামত গছত চীপ লৈ আত্মহত্যা কৰে। জানিব পৰা মতে, পাৰিবাৰিক কাৰণতে এই ঘটনা সংঘটিত কৰিছে ডাঃ জয়ন্ত কুমাৰ শৰ্মাই।
চোকা অস্ত্ৰৰে প্ৰহাৰ কৰাৰ ফলত গুৰুতৰভাৱে আহত নৱনীতা শৰ্মাৰ গুৱাহাটীত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়। জানিব পৰা মতে, ওদালগুৰিত হোমিওপেথিক চিকিৎসাৰ ক্ষেত্ৰত সুপৰিচিত চিকিৎসক শৰ্মাই টংলা নগৰত নিজৰ হোমিও কেয়াৰ প্ৰতিষ্ঠানটোতে চিকিৎসা সেৱা আগবঢ়াই গৈ আছিল। সোমবাৰে নিশা প্ৰায় ১০ মান বজাত চিকিৎসক জয়ন্ত কুমাৰ শৰ্মা ঘৰলৈ উভতি অহাৰ পিছৰে পৰা পত্নীৰ সৈতে পাৰিবাৰিক কাৰণত কাজিয়াৰ সূত্ৰপাত হয় ৷
তাৰপাছত মঙলবাৰে পুৱতি নিশা প্ৰায় ৩.৩০ বজাত পৰিয়ালটো থকা কোঠাৰ পৰা সন্তান দুটাৰ কান্দোন শুনি একেটা চৌহদতে থকা ককায়েক মহেশ শৰ্মাই ভায়েকক মাত লগোৱাত জয়ন্তই দুৱাৰ খুলি পত্নীক কটাৰ কথা কৈ ঘৰৰ পৰা ওলাই যায়৷ ককায়েকে চোকা অস্ত্ৰৰ আঘাতত জিভা, ডিঙি, পিঠিত গুৰুতৰভাৱে আঘাত পোৱা ভাই বোৱাৰীক চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে৷
ইফালে, পত্নীক ঘপিয়াই ডাঃ জয়ন্ত কুমাৰ শৰ্মাই ঘৰৰ পৰা কিছু নিলগৰ টংলা ষ্টেডিয়ামৰ এডাল গছত চীপলৈ আত্মহত্যা কৰে ৷ পিছত চিকিৎসাধীন অৱস্থাত নৱনীতা শৰ্মাৰ মৃত্যু হয় ৷ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ জয়ন্তৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এই মুহূৰ্তলৈ ঘটনাৰ কাৰণ পোহৰলৈ অহা নাই যদিও টংলা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।