ওদালগুৰিঃ ওদালগুৰি জিলাৰ ১৪ টাকৈ ছাত্ৰ সংগঠন আৰু সাহিত্য সভাই ওদালগুৰি জিলা উপায়ুক্তৰ লগতে জৱাহৰ নৱোদয় বিদ্যালয়ৰ অধ্যক্ষলৈ প্ৰদান কৰে স্মাৰকপত্ৰ। ওদালগুৰি জিলাৰ জৱাহৰ নৱোদয় বিদ্যালয়ত অসমীয়া বিষয়টো “আধুনিক ভাৰতীয় ভাষা” হিচাপে প্ৰৱৰ্তন কৰাৰ বাবে মঙলবাৰে এই স্মাৰক পত্ৰখনত প্ৰদান কৰা হয়।

স্মাৰকপত্ৰখনত উল্লেখ কৰে যে- ‘ওদালগুৰিৰ শিক্ষা ব্যৱস্থাত এক বিশেষ ভূমিকা পালন কৰি অহা ওদালগুৰিৰ সোণাইগাওঁস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ত অসমীয়া বিষয়টো “আধুনিক ভাৰতীয় ভাষা” চমুকৈ MIL শিতানত সুকীয়াকৈ আজি পৰ্যন্ত নথকাৰ বাবে বহু শিক্ষাৰ্থীয়ে বিষয়টি অধ্যয়নৰ পৰা বঞ্চিত হৈ আহিছে। বিদ্যালয়খনত অধ্যয়নৰ বাবে অহা অধিকাংশ শিক্ষাৰ্থী অসমীয়া মাধ্যমৰ পৰা অহা বাবে পাঠ্যক্ৰমত অসমীয়া বিষয়টি অধ্যয়ন কৰিবলৈ আগ্ৰহী যদিও আজি পৰ্যন্ত ছাত্ৰ-ছাত্ৰীসকল বঞ্চিত হৈ আছে।’

শিক্ষাৰ অধিকাৰ আইন অনুসৰি যিহেতু প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে মাতৃভাষা মাধ্যমত অধ্যয়ণৰ অধিকাৰ আছে, গতিকে আগন্তুক এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া নতুন শিক্ষাবৰ্ষৰ পৰাই বিদ্যালয়খনত অসমীয়া বিষয়টি আধুনিক ভাৰতীয় ভাষা হিচাপে প্ৰৱৰ্তন কৰিবলৈ স্মাৰকপত্ৰ যোগে আহ্বান জনায় ছাত্ৰ সংগঠন কেইটাৰ লগতে সাহিত্য সভাই।

উক্ত স্মাৰকপত্ৰখনত সমৰ্থন আগবঢ়াই ক্ৰমে- আছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ৰাভা সাহিত্য সভা, ৰাভা ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, আক্ৰাছু, শৰণীয়া কছাৰী সাহিত্য সভা, শৰণীয়া কছাৰী ছাত্ৰ সন্থা, নেপালী সাহিত্য সভা, গোৰ্খা ছাত্ৰ সন্থা, চানতালি সাহিত্য সভা, আদিৱাসী ছাত্ৰ সন্থা, চাহ জনগোষ্ঠী আদিৱাসী ছাত্ৰ সন্থা, সংখ্যালঘু ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,467 other subscribers

Leave a comment

Leave a Reply Cancel reply