ওদালগুৰিঃ ওদালগুৰিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৭ গৰাকী NLFB কেডাৰ গ্ৰেপ্তাৰ।
ভৈৰৱকুণ্ডৰ সমীপৱৰ্তী ভৈৰৱপুৰ, জামুগুৰি আৰু ১ নম্বৰ গৰৈবাৰীত চলিচিল এই অভিযান।
ইয়াৰ পাছত দেওবাৰে ওদালগুৰি আৰু হৰিশিঙাত অভিযান চলাই কেইবাগৰাকীও লোকক গ্ৰেপ্তাৰ কৰে।
সদস্য কেইগৰাকী ক্ৰমে ৰবীন্দ্ৰ বসুমতাৰী(১৯), বৰ্ণবাছ বসুমতাৰী(৩৪), পাউল গয়াৰী(৩২), কুন্দন সিং(৪১), প্ৰসেন দৈমাৰী(৩৬), চানিকু দৈমাৰী(২৫) আৰু ৰাজেন্দ্ৰ বসুমতাৰী(৩০)।
আৰু পঢ়কঃজোনাইত LDCMLসংগঠনৰ ডেপুটি চিপ কেডাৰ আটক
গ্ৰেপ্তাৰ হোৱা লোককেইজন নতুনকৈ গঠন হোৱা NLFB সশস্ত্ৰ সংগঠনৰ কেডাৰ বুলি দাবী কৰিছে আৰক্ষীয়ে।
লোককেইজনৰ পৰা আৰক্ষীয়ে কোনো ধৰণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।
আৰক্ষীয়ে তেওঁলোকৰ পৰা কেইবাটাও ম’বাইল ফোনসহ বহুকেইখন ছিমকাৰ্ড জব্দ কৰে।
লোককেইজনে বিভিন্ন স্থানত ধনদাবী কাৰ্যত জৰিত থকাৰ দাবী কৰে আৰক্ষীয়ে।