ওডালগুৰিঃ আজি ওডালগুৰিৰ বিষ্ণু ৰাভা প্ৰেক্ষাগৃহৰ খেলপথাৰ প্ৰাংগনত জিলা চাওতাল ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাজ্য চৰকাৰৰ কেবিনেটে চাওতালী সকলক চাহজনজাতীয় মৰ্য্যদা প্ৰদান কৰা সিদ্ধান্তত জাঙুৰ খাই উঠিছে সদৌ চাওতাল ছাত্ৰ সন্থা। চাওতাল সকলৰ নিজা কৃষ্টি-সংস্কৃতি নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কোনো কাৰণতে মানি লোৱা নহ’ব বুলি হুংকাৰ দিয়ে চাওতাল ছাত্ৰ সন্থাই।
লগতে পঢ়কঃড্ৰাগছ ব্যৱসায়ৰ অভিযোগত আৰক্ষীৰ জালত শিক্ষক
হাতে হাতে প্লেকাৰ্ড লৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ, ৰনোজ পেগু মুৰ্দাবাদ, অসম চৰকাৰ হায় হায় ধ্বনিৰে উত্তাল কৰি প্ৰতিবাদকাৰীসকলে। প্ৰতিবাদত প্ৰায় শতাধিক লোকে অংশগ্ৰহণ কৰে।