ওদালগুৰিঃ অহা ২৫ মাৰ্চৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্টিত হ’ব “সীমান্ত ক্ৰীড়া মহোৎসৱ” শীৰ্ষক ক্ৰীড়া প্ৰতিযোগিতা। সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত গুৱুহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। উক্ত প্ৰতিযোগিতাৰ সৈতে সংগতি ৰাখি ওদালগুৰিতো শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব খেলুৱৈ বাচনি শিবিৰ।

শুকুৰবাৰে ওদালগুৰি মনপুৰ মিনি ষ্টেডিয়ামত এখনি সংবাদমেল সম্বোধন কৰে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ওদালগুৰি জিলা সমিতিয়ে। সংগঠনটোৰ ওদালগুৰি নগৰ সমিতিৰ সভাপতি ধীৰেণ বৈশ্যই আঁত ধৰা সংবাদমেলত উপস্থিত থাকি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মেনন মোছাহাৰীয়ে সীমান্তৱৰ্তী অঞ্চলৰ প্ৰতিভা সম্পন্ন খেলুৱৈ সকলক এক উপযুক্ত প্লেটফৰ্ম দিয়াৰ লক্ষ্যৰে এই কাৰ্যসূচী হাতত লোৱা বুলি জানিবলৈ দিয়ে।

ইফালে, সংবাদমেলখনত জিলা সমিতিৰ সাধাৰণ সম্পাদক অনিল মহন্তই কয়- “ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশ আৰু ভূটানৰ সীমান্তৰ পৰা ১৫ কিলোমিটাৰ অন্তৰ্গত অঞ্চলৰ খেলুৱৈ সকলৰ বাবে এই বাচনি প্ৰক্ৰিয়া ৫ আৰু ৬ মাৰ্চত ওদালগুৰি মনপুৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। অসমৰ মুঠ নখন জিলাত এই বাচনি শিৱিৰ অনুষ্ঠিত হ’ব।

এই শিৱিৰত ল’ৰা-ছোৱালী উভয়ৰে ১৯ বছৰ অনূৰ্দ্ধৰ ১০০/২০০/৮০০/১৫০০ মিটাৰ দৌৰ, ৪x১০০ মিটাৰৰ ৰেলী দৌৰ, হাইজাম্প, লংজাম্প, শ্বটপুট, জেভেলিন থ্ৰ’, ডিচকাছ থ্ৰ’ ইত্যাদি অনুষ্ঠিত হোৱাৰ লগতে ২১ অনুৰ্দ্ধৰ ল’ৰা-ছোৱালী উভয়ৰে মাজত কাবাডী আৰু ভলীবল খেল অনুষ্ঠিত হ’ব।”

আনহাতে, ওদালগুৰি জিলা বাচনি সমিতিৰ আহ্বায়ক প্ৰদীপ ৰাভাই সাংবাদিকৰ আগত উল্লেখ কৰি এই বাচনিৰ দ্বাৰা প্ৰথমে ৰাজ্যিক পৰ্যায়ত আৰু পৰৱৰ্তী সময়ত নিৰ্বাচিত হ’লে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ সুযোগ পাব বুলি সদৰি কৰে।

লগতে সৰুসজাইত অনুষ্ঠিত হ’বলগীয়া সীমান্ত ক্ৰীড়া মহোৎসৱত জয়ী হ’লে নগদ এক লাখ টকাৰ পুৰস্কাৰ প্ৰদানৰ কথা উল্লেখ কৰি ওদালগুৰিত অনুষ্ঠিত হবলগীয়া বাচনি শিৱিৰত প্ৰায় দুই শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply