লখিমপুৰঃ পদ্মশ্ৰী উদ্ধৱ ভৰালীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ।

পালিতা কন্যাক যৌন নিৰ্যাতনৰ অভিযোগত উদ্ধৱ ভৰালীৰ বিৰুদ্ধে গোচৰ ৰুজু।

এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত স্পষ্ট মন্তব্য় দিলে উদ্ভাৱক উদ্ধৱ ভৰালীয়ে।

সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ‘মই অসমীয়া হৈয়ে থাকিম, কিন্তু অসমত নাথাকো। মই ষড়যন্ত্ৰৰ বলি হ’লো। অসমত সন্মান শত্ৰু হৈ পৰে।ন্যায়ালয়ৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে’।

লগতে পঢ়কঃৰাজ্যৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ত আজিৰে পৰা নাথাকিব চৰকাৰী কৰ্মচাৰী

” সামাজিক ভাৱে মোক মৃত্যু ঘটাই হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে।মই হেৰাই যাম বুলি ভাবিছিলো যদিও মই এতিয়া যুঁজিম। জয়ী হৈ অসম এৰি গুচি যাম। মই বহু তলৰ পৰা আহি আজি এই স্থান পাইছো। মই ভাৰতবাসীৰ বাবে আৰু কৰিবলৈ বহু বাকী আছে।”

উল্লেখ্য যে লখিমপুৰ সদৰ থানাত আৰক্ষীয়ে ভৰালীৰ বিৰুদ্ধে 1332/2021 আৰু পকছ’ আইনৰ ৬নং ধাৰা, IPC- 376 (I), 376 (A) আৰু 354 ধাৰাত এটা গোচৰ পঞ্জীভুক্ত কৰি তদন্ত অব্যাহত ৰাখে ৷ ইফালে যোৱা ২৮ ডিচেম্বৰতে এই ঘটনা সন্দর্ভত অভিযুক্ত ভৰালীয়ে গুৱাহাটী উচচ ন্যায়ালয়ৰ পৰা অন্তৱৰ্তীকালীন জামিন লাভ কৰে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply