তিনিচুকীয়া: আলফা (স্বাধীন) ৰ মহিলা কেডাৰ পূৰ্ণিমা বৰা ওৰফে মিতু অসমক গ্ৰেপ্তাৰ।উল্লেখ্য যে ২੦੦২ ইং চনতে সংগঠনটােত যোগদান কৰিছিল পূৰ্ণিমাই ৷
তিনিচুকীয়া আৰক্ষী আৰু অসম ৰাইফলছে চলোৱা যুটীয়া অভিযানত আটক হয় মহিলা কেডাৰগৰাকী।তিনিচুকীয়া জিলাৰ সীমান্তৱৰ্তী অঞ্চল জাগুনৰ টিংকুপানী সংৰক্ষিত বনাঞ্চল পৰা এগৰাকী আলফা(স্বাধীন)ৰ মহিলা কেডাৰ আটক কৰে অভিযানকাৰীৰ দলে।
অসম-অৰুণাচল সীমান্তৰ জয়ৰামপুৰত পূৰ্ণিমা বৰা ওৰফে মিটু অসমক আটক কৰা হয়।
পূৰ্ণিমা বৰাৰ ঘৰ গোলাঘাট জিলাৰ সৰুপথাৰৰ নাজিজুলিত ৷
স্বাস্থ্যজনিত কাৰণত ম্যানমাৰৰ শিবিৰৰ পৰা ওলাই আহে পূৰ্ণিমা বৰা ওৰফে মিটু অসমে ৷ বৰ্তমান তিনিচুকীয়া আৰক্ষীৰ জিম্মাত পূৰ্ণিমা বৰা ওৰফে মিটু অসম ৷
লগতে পঢ়ক নিমাতীঘাটৰ নাও দূৰ্ঘটনাৰ তদন্তৰ নামত ৰৌ-বৰালীক বাদ দি পুঠি খলিহনাক আটক