জাগুনঃ তিনিচুকীয়া জিলাৰ লেখাপানী থানাত অৰুণাচল প্ৰদেশৰ মেও স্থিত ভাৰতীয় সেনা চাউনিৰ ৰাজপুত ৰেজিমেণ্টৰ ডেলতা কোম্পানীৰ সহযোগত অস্ত্ৰসহ আত্মসমৰ্পণ কৰে আনলা উগ্ৰপন্থীৰ দুগৰাকী দুধর্ষ সদস্যই।
ভাৰতীয় সেনাৰ হাতত আত্মসমৰ্পণ কৰা আনলাৰ উগ্ৰপন্থী দুজন ক্ৰমে ৰাম কুমাৰ আৰু পৰিমল সিং তাঁতী বুলি জানিব পৰা গৈছে।
আত্মসমৰ্পণৰ সময়ত ৰাম কুমাৰে .৩২ পিষ্টলসহ তিনি জাই সজীৱ গুলি আৰু ১ টা মেগজিন আনহাতে পৰিমল সিং তাঁতীয়ে .২২ পিষ্টল ৪ টা সজীৱ গুলি আৰু ১ টা মেজিন ভাৰতীয় সেনাৰ হাতত জমা দিয়ে।
লগতে পঢ়কঃস্বগৃহলৈ উভতিল আলফা(স্বা)ৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মেজৰ জেনেৰেল জীৱন মৰাণ
উল্লেখনীয় যে, দুয়ো উগ্ৰপন্থী সদস্যই ২০০৯ চনতেই আনলা উগ্ৰপন্থীত যোগদান কৰিছিল যদিও ২০১২ চনত আনলা আলোচনা পন্থী গোটত যোগদান কৰিছিল কৰি পুনৰ ২০১৪ চনত ডিমাপুৰ ৰঙাপাহাৰ উগ্ৰপন্থীৰ শিবিৰৰ পৰা অস্ত্ৰসহ উগ্ৰপন্থী দুইজনে পলায়ন কৰি প্ৰায় আঠবছৰ দিন আত্মগোপন কৰি আছিল বুলি আত্মসমৰ্পণ কৰা দুই উগ্ৰপন্থীয়ে জানিবলৈ দিয়ে।
অৱশেষত লেখাপানী আৰক্ষী থানাত ভাৰতীয় সেনাৰ সহযোগত দুই উগ্ৰপন্থী কেডাৰে আত্মসমৰ্পণ কৰে। ইতিমধ্যে আত্মসমৰ্পণ কৰা উগ্ৰপন্থী কেইজনে জমা দিয়া অস্ত্ৰ আৰু নথিপত্ৰ সমূহ লেখাপানী আৰক্ষীয়ে গ্ৰহণ কৰি যাৱতীয় ব্যৱস্থা হাতত লয়।