নিউজ ডেস্কঃ নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন, সংযুক্ত মুক্তি বাহিনী, অসমে (স্বাধীন) অইল ইণ্ডিয়া লিমিটেডক ঠিকা ভিত্তিক শ্ৰমিক/কৰ্মচাৰী নিয়োগ প্ৰক্ৰিয়া বন্ধ কৰি তাৰ সলনি অতি স্বচ্ছতাৰে স্থায়ী ভিত্তিক নিয়োগৰ ব্যৱস্থা কৰিবলৈ পুনৰায় আহ্বান জনাই সকিয়াই দিয়ে।

অইল কৰ্তৃপক্ষৰ এই থলুৱা বিৰোধী স্থিতিৰ পৰিপ্ৰেক্ষিতত সংগঠনটোৱে সশস্ত্ৰ প্ৰতিবাদ কৰিবলৈ বাধ্য হ’ব।

লগতে পঢ়কঃছিপাঝাৰৰ ধলপুৰত উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত

এক বিবৃতিৰ যোগেৰে সংগঠনটোৱে চাবুৱাৰ সমীপৰ বিশমাইলত থকা ঐতিহ্যমণ্ডিত প’ল’ ফিল্ডখনক দখল কৰাক লৈ বৃহৎ চাহগোষ্ঠী APJ আৰু কিছুমান থলুৱা লোকৰ মাজত চলি থকা সংঘাতৰ তীব্ৰনিন্দা কৰাৰ লগতে ফিল্ড খনত শিশুৰ উদ্যান খোলাৰ পোষকতা কৰে।


সংগঠনটোৱে পানীতোলাৰ সমীপৰ এম কে শ্বাহ প্ৰতিষ্ঠানৰ পানীতোলা চাহবাগিছাৰ ঐতিহ্যমণ্ডিত খেলপথাৰখনত বাগিচা কৰ্তৃপক্ষই চাহ পুলি ৰোৱাৰ বাবে কৰা আয়োজন তৎক্ষণাত বন্ধ কৰিবলৈ সকিয়াই দিয়ে। ইয়াৰ অন্যথাই চাহবাগান কৰ্তৃপক্ষই পৰিণাম ভুগিব লাগিব বুলি মন্তব্য কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,276 other subscribers

Leave a comment

Leave a Reply