তিনিচুকীয়াঃ যোৱা কিছুদিনৰ পৰা আলফা স্বাধীনত ৰাজ্যৰ বহু যুৱক-যুৱতীয়ে যোগদান কৰা খবৰ প্ৰকাশ পাই আহিছে। তাৰ মাজতে দেওবাৰে দুগৰাকী যুৱতীসহ মুঠ ১০জনে সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) যোগদান কৰা সন্দেহ কৰা হৈছে।

জানিব পৰা মতে, আলফা স্বাধীনত যোগদানৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এই দুগৰাকী যুৱতী আৰু ৮জন যুৱকে আহি আজি ম্যানমাৰত উপস্থিত হয়। দুগৰাকী যুৱতী ক্ৰমে- আমগুৰিৰ শিৱানী গগৈ আৰু ফুলপানীছিঙাৰ মালবিকা বৰাই সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ত যোগদান কৰাৰ সন্দেহ। ইফালে, শিৱানী নামৰ যুৱতীগৰাকীয়ে ফেচবুকত দুদিন পূৰ্বে এটা পোষ্ট কৰিছিল, য’ত লিখিছিল- ‘মোৰ জীৱনৰ সিদ্ধান্ত মই নিজেই লম, ইয়াৰ বাবে কোনো জগৰীয়া নহয়।’

তদুপৰি, বাকী ৮জন যুৱক ক্ৰমে- যোৰহাটৰ মৃদুপৱন বৰা, কামৰূপৰ অনন্ত ৰাভা, ছয়গাঁৱৰ দিগন্ত দাস, ওদালগুৰিৰ চিন্ময় ডেকা, ঢকুৱাখানাৰ বিপুৰ দেউৰী, নলবাৰীৰ নয়নজ্যোতি কলিতা, দেৰগাঁৱৰ নকুল দাস, বৰপথাৰৰ ৰোহিনী গগৈ। উল্লেখযোগ্য যে, প্ৰায় ৪-৫ দিন পূৰ্বে গুৱাহাটীৰ গীতানগৰৰ মানৱ ডেকা নামৰ এজন যুৱকে আলফা স্বাধীনত যোগদান কৰা বুলি সন্দেহ কৰা হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply