নিউজ ডেস্কঃ আলফা স্বাধীনে এখন বিবৃতি আৰু অসম আৰক্ষীৰ চোৰাংচোৱাৰ ভিডিঅ’ মঙলবাৰে সংবাদ মাধ্যমক প্ৰকাশ/সম্প্ৰচাৰ কৰাৰ উদ্দেশ্যে দিয়াৰ পাছত বুধবাৰে পুনৰ এক বিবৃতি প্ৰকাশ কৰিছে আলফা স্বাধীনে। আজিৰ এই বিবৃতিৰ লগতে আলফা স্বাধীনে আৰু ৭ গৰাকী লোকৰ আলোকচিত্ৰ প্ৰেৰণ কৰিছে।
উক্ত আলোকচিত্ৰসমূহ আলফা স্বাধীনে অসম আৰক্ষী গুপ্তচৰ সঞ্জীৱ শৰ্মাৰ সতীৰ্থ তথা গুপ্তচৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰা যুৱকৰ বুলি প্ৰকাশ কৰিছে। বিবৃতিখনত আলফা স্বাধীনে লিখিছে- ‘আলফা স্বাধীনৰ বিৰুদ্ধে অসম আৰক্ষী আৰু ভাৰতীয় দখলদাৰী বাহিনীৰ দ্বাৰা পৰিচালিত বাইহাটা চাৰিআলিৰ মুক্তাপুৰ গাঁৱৰ সঞ্জীৱ শৰ্মা গুপ্তচৰৰ সৈতে জড়িত থকাৰ স্বীকাৰোক্তিৰ স্পষ্ট প্ৰমাণ সম্বলিত ভিডিঅটো সংবাদ মাধ্যমত প্ৰকাশ/সম্প্ৰচাৰ হৈছে। আমি সঞ্জীৱ শৰ্মাৰ মোবাইলত সংৰক্ষণ থকা কেতবোৰ আলোকচিত্ৰ লাভ কৰিছো, যিবোৰ তেওঁৰ আৰক্ষীৰ চোৰাংচোৱা বুলি প্ৰকাশ কৰাৰ লগতে এই সকলৰ অধীনতে সঞ্জীৱ শৰ্মাই কাম কৰা বুলি স্বীকাৰোক্তি প্ৰদান কৰিছে।’

এই বিবৃতিৰ লগতে কেইখনমান আলোকচিত্ৰ প্ৰেৰণ কৰি আলফা স্বাধীনে লিখিছে যে- ‘আলোকচিত্ৰ সমূহৰ লগতে তেওঁৰ সৈতে গুপ্তচৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰা কিছু সতীৰ্থৰ নাম প্ৰেৰণ কৰা হ’ল। ১. ধুনুমণি শইকীয়া- যোৰহাট ন-কছাৰী (সেনা বাহিনী কৰ্মৰত), ২. কল্যাণ চক্ৰৱৰ্তী- বৰপেটা সৰভোগ (অসম আৰক্ষীত কৰ্মৰত)। সঞ্জীৱ শৰ্মাৰ সৈতে প্ৰশিক্ষণ গ্ৰহণ কৰা সতীৰ্থ সকলৰ নাম- ১. বিতুপন দাস – গুৱাহাটী, ২. তীৰ্থ দাস- মঙলদৈ, ৩. মনুষ্য (ধন)- পাঞ্জাৱাৰী, গুৱাহাটী, ৪. কিশোৰ শৰ্মা- বীৰদিয়া, কামৰূপ গ্ৰাম্য, ৫. ধনজিত ডেকা (মইনা) – বীৰদিয়া, কামৰূপ গ্ৰাম্য (বৰ্তমান ২ মাহ ধৰি ঘৰত নাই), ৬. নিতুপন (ডেকা/কলিতা)- গোৰেশ্বৰ, ৭. ৰিতুপম শৰ্মা- বৰগাঁও, কামৰূপ গ্ৰাম্য, ৮. সঞ্জয় কুমাৰ শৰ্মা- চান্দমাৰী (অপূৰ্ব কুমাৰ শৰ্মাৰ সম্পৰ্কীয়) আৰু ৯. বিকাশ ৰাজবংশী- ধুবুৰী।’