মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়া

সোণাৰি: অৱশেষত উৎকণ্ঠাৰ অৱসান ঘটি দুই অপহৃত আহি ঘৰ পালেহি । শনিবাৰে নিশা বাৰ বজাৰ পাছত আসাম ৰাইফলচ আৰু নগালেণ্ডৰ আৰক্ষীয়ে অসম আৰক্ষীৰ জিম্মাত দিলে নগালেণ্ডৰ গভীৰ অৰণ্যৰ মাজত উদ্ধাৰ হোৱা অ’এনজিচিৰ অপহৃত দুই কৰ্মচাৰীক। উল্লেখ্য যে ২১ এপ্ৰিলত অএনজিচিৰ GGS ৮ ৰ সমীপৰ পৰা আলফা স্বাধীনে অপহৰণ কৰিছিল মোহিনী মোহন গগৈ, অলকেশ শইকীয়া আৰু ৰিতুল শইকীয়া নামৰ অ’এনজিচিৰ কৰ্মচাৰী কেইগৰাকীক।

পৰৱৰ্তী সময়ত এই বিষয়ে পোহৰলৈ অহাৰ লগতে সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ হোৱাত অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান জিপি সিঙৰ নেতৃত্বত অসম-নগালেণ্ডৰ সীমান্তৰ বিভিন্ন ঠাইত অভিযান চলাই কৰ্মচাৰী কেইজনক উদ্ধাৰ কৰিবলৈ। আনহাতে শনিবাৰে নগালেণ্ডৰ মন জিলাৰ টটক চিংনু বস্তিৰ অৰণ্যৰ মাজত সেনা বাহিনী আৰু আলফা স্বাধীনৰ সৈতে হোৱা সংঘৰ্ষত উদ্ধাৰ হয় মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়া। পৰৱৰ্তী সময়ত আনগৰাকী কৰ্মচাৰী ৰিতুল শইকীয়াৰ সন্ধানত আসাম ৰাইফলচ আৰু নগালেণ্ড টেৰিটৰিয়েল আৰ্মীয়ে অভিযান চলাই যদিও ব্যৰ্থ হয় সন্ধান উলিওৱাত।

ইপিনে বৃহস্পতিবাৰে দুপৰীয়াৰ পৰাই নগালেণ্ডৰ মন জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হোৱা চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক দ্বীপজ্যোতি তালুকদাৰ আৰু চক্ৰ পৰিদৰ্শক অনিল মৰাণৰ নেতৃত্বত যোৱা অসম আৰক্ষীৰ সঁজাতি দলটোৰ হাতত নিশা বাৰ বজাৰ পাছতহে উদ্ধাৰ হোৱা অ’এনজিচিৰ কৰ্মচাৰী দ্বয়ক চমজাই দিয়ে। ইফালে মুকলি হৈ অহা দুই সতীৰ্থই সোণাৰি আৰক্ষী থানাত সংবাদ মাধ্যমৰ লোকসকলক সম্বোধন কৰি জনায় যে, তেওঁলোক আটাইকেইজনক লগতেই কৰা হৈছিল অপহৰণ। অপহৰণ কৰিবলৈ অহাসকলে তেওঁলোকক প্ৰথমে প্ৰশ্ন কৰিছিল যে, এই স্থানত কোনোবা বহিৰাগত লোকে কাম কৰি আছে নেকি? তেওঁলোকে কোনো বহিৰাগত লোক কৰ্মৰত অৱস্থাত নাই বুলি কোৱাৰ পাছতে তেওঁলোক তিনিজনক উঠাই লৈ যোৱা হৈছিল।

প্ৰথমে গাড়ী আৰু কিছু দূৰ যোৱাৰ পাছত এখন চাহ বাগিছাৰ মাজেৰে তেওঁলোকক খোজ কঢ়াই লৈ যোৱা হৈছিল। অপহৃত ৩গৰাকী কৰ্মচাৰী লগত থাকোতেই সেনা- আৰক্ষীৰ সৈতে এক অনাকাংক্ষিত গুলীয়াগুলী ঘটনা সংঘটিত হৈছে নগালেণ্ডত। সেই সংঘৰ্ষৰ সময়তো আটাইকেইজন অপহৃত একেলগেই আছিল। কিন্তু সংঘৰ্ষৰ সময়ত শংকিত হৈ পৰাত হাবিৰ মাজত জাঁপ মাৰি দিয়াৰ পাছৰ পৰাই ৰিতুল শইকীয়া নিৰুদ্দেশ হৈ পৰে। আনহাতে শনিবাৰে নগালেণ্ড আৰক্ষীৰ পৰা উদ্ধাৰ হোৱা অ’এনজিচিৰ কৰ্মচাৰীদ্বয়ক নিজৰ জিম্মাত লোৱাৰ পাছত আজি ৰাতিপুৱা ৭.৩০ বজাত চৰাইদেউ আৰক্ষীৰ দলটো সোণাৰিত উপস্থিত হয় আৰু সোণাৰি আৰক্ষী থানাত উপস্থিত থকা শিমলুগুৰি আৰক্ষীৰ হাতত চমজাই দিয়ে দুয়োজনকে তাৰ পৰাই দুয়ো গৈ নিজা গৃহত উপস্থিত হয়গৈ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,283 other subscribers

Leave a comment

Leave a Reply