মাৰ্ঘেৰিটাঃ আলফা স্বাধীনৰ শিবিৰত মৃত্যু বৰণ কৰা বিজু গগৈ ওৰফে ভাগ্য অসমৰ ৰাজহুৱা আদ্য-শ্ৰাদ্ধ সম্পন্ন। আছুৰ একালৰ সক্ৰিয় সদস্য বিজু গগৈ ওৰফে ভাগ্য অসমে ‘কা’ বিৰোধী আন্দোলনৰ সময়ত সংযুক্ত মুক্তি বাহিনী অসমত যোগদান কৰা পিছতেই আলফা শিবিৰত মানসিক হীনম্যনতাত ভুগি বিজু গগৈয়ে আত্মহত্যা কৰা বুলি স্পষ্টীকৰণ দিয়ে আলফা স্বাধীনে৷
কৰ্তব্যৰত অৱস্থাত নিজ বন্দুকেৰে নিজৰ মূৰত গুলিয়াই আত্মহত্যা কৰা বুলি বিবৃতিত প্ৰকাশ কৰা হয়। এই খবৰে সমগ্ৰ পেঙেৰি অঞ্চলতেই এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছিল। বিজু গগৈৰ আত্মাৰ শান্তি তথা সদগতি বাবে আজি ধৰ্মীয় ৰীতি-নীতি নগাপথাৰ ৰাজহুৱা ৰঙ্গমঞ্চৰ প্ৰাঙ্গণত ৰাজহুৱাকৈ আদ্য স্বাৰ্ধ সম্পন্ন কৰে।