নিউজ ডেস্ক: কিছুদিন পূৰ্বে গুৱাহাটীৰ দুগৰাকী যুৱতীয়ে আলফা স্বাধীনত যোগদান কৰাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত আলফাৰ মুখ্য সেনাধক্ষ পৰেশ বৰুৱাই এই সম্পৰ্কত নিজৰ স্থিতি প্ৰকাশ কৰিছে।

এটা ব্যক্তিগত চেনেলক বৰুৱাই যুৱতী দুগৰাকীয়ে আলফাত যোগদান কৰাৰ বাতৰি সম্পূৰ্ণৰূপে শুদ্ধ নহয় বুলি উল্লেখ কৰি কয় যে যুৱতী দুগৰাকীৰ মাত্ৰ এগৰাকীয়েহে বিদ্ৰোহী সংগঠনটোত যোগদান কৰিছে। সাধাৰণতে আলফাত হোৱা প্ৰতিটো নতুন সদস্য ভৰ্তিৰ খবৰ তেওঁ নাৰাখে যদিও দাস উপাধিৰ এগৰাকীয়ে যুৱতীয়ে যোগদান কৰাৰ কথা তেওঁক জনোৱা হৈছিল বুলি বৰুৱাই কয়।

অৱশ্যে ডেকা উপাধিৰ কোনো যুৱতীয়ে বিদ্ৰোহী সংগঠনটোত যোগদান কৰা নাই বুলি বৰুৱাই লগতে উল্লেখ কৰে।

আলফাৰ দাবী বাস্তৱায়িত নোহোৱা পৰ্য্যন্ত তথা ইয়াৰ এটা সমাধান নোলোৱা লৈকে বিদ্ৰোহী সংগঠনটোত নতুন লোকৰ যোগদান অব্যাহত থাকিব বুলি কয় পৰেশ বৰুৱাই। তেওঁ আৰু কয় যে ৭০ শতাংশ লোকে অসমক ভাল পোৱাৰ বাবেই আলফাত যোগদান কৰে আৰু কিছুমানে ঘৰুৱা পৰিস্থিতিৰ বাবে সংগঠনটোলৈ আহে।

উল্লেখযোগ্য যে যোৱা ১৫ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীৰ খাৰঘুলিৰ সৰস্বতী দাস আৰু ৰুমি ডেকা নামৰ দুগৰাকী যুৱতীয় আলফা স্বাধীনত যোগদান কৰা বুলি বাতৰি প্ৰকাশ পাইছিল। দুয়োগৰাকী যুৱতীয়ে ১৬ ফেব্ৰুৱাৰীত আলফা স্বাধীনৰ কেম্পত উপস্থিত হোৱা বুলি প্ৰকাশ পাইছিল।

লগতে পঢ়ক – মৰানৰ ৰাজপথত দাওদাওকৈ জ্বলিল বাহন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply