নিউজ ডেস্ক : পুনৰ ৩ মাহৰ বাবে যুদ্ধ বিৰতি ঘোষণা কৰিছে সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা স্বাধীনে। শনিবাৰে আলফা স্বাধীনে এই কথা ঘোষণা কৰে।
উল্লেখযোগ্য যে বৰ্তমান সকলো ধৰণৰ সামৰিক অভিযানৰ পৰা বিৰত থকা আলফা স্বাধীনে যোৱা ১৫ মে’ত একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰিছিল।
ক’ভিড মহামাৰীয়ে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিদ্ৰোহী সংগঠনটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ এক প্ৰেছ বিজ্ঞপ্তি যোগে সদৰী কৰিছিল।
উক্ত যুদ্ধবিৰতিৰ সময়সীমা শনিবাৰে (১৪ আগষ্ট) অন্ত পৰাৰ লগে লগে আলফা স্বাধীনে পুনৰ ৩ মাহৰ বাবে যুদ্ধবিৰতি বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়।
শেহতীয়াভাৱে আলফাই গ্ৰহণ কৰা যুদ্ধবিৰতিৰ সিদ্ধান্তই বিশেষ তাৎপৰ্য্য বহন কৰিছে। হিমন্ত বিশ্ব শৰ্মাই মুখ্য মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পৰা আলফা-চৰকাৰৰ মাজত চলি থকা শান্তি আলোচনা প্ৰক্ৰিয়াই নতুন গতি লোৱা বুলি একাংশৰ মাজত চৰ্চা চলিছে।
আনকি এইবাৰ আলফা (স্বাঃ) –এ বিগত বৰ্ষসমূহৰ দৰে স্বাধীনতা দিৱস বৰ্জন কাৰ্য্যসূচীৰ পৰাও নিজকে বিৰত ৰাখিছে।
উল্লেখযোগ্য যে আলফাৰ ৪০ বছৰীয়া ইতিহাসত এইয়াই প্ৰথমবাৰৰ বাবে আলফাই স্বাধীনতা দিৱসৰ দিনা বন্ধ ঘোষণা কৰাৰ পৰা বিৰত থাকে।
লগতে পঢ়ক : চন্দ্ৰপুৰতে ডাম্পিং গ্ৰাউণ্ড থকাৰ ইংগিত দিলে নেকি মুখ্যমন্ত্ৰীয়ে