তিনিচুকীয়াঃ আলফাৰ সৈতে জড়িত থকাৰ অভিযোগত বাংগালুৰুত আটক অসমৰ যুৱক। বাংগালুৰুত কৰ্মৰত শদিয়াৰ ৰঞ্জিত গগৈ নামৰ যুৱকজনক কৰ্মস্থলীৰ পৰাই গ্ৰেপ্তাৰ কৰিছে তিনিচুকীয়া আৰক্ষীয়ে । বাংগালুৰুৰ পৰাই ৰঞ্জিত গগৈয়ে আলফা নেতা জ্ঞান অসমৰ সৈতে ধনৰ লেনদেন কৰি আহিছিল ।

যোৱা ১জুলাইত কাকপথাৰ দ-পথাৰৰ মাজগাঁৱত আলফা(স্বা) আৰু সেনাবাহিনীৰ মাজত সংৰ্ঘষত নিহত হোৱা জ্ঞান অসমৰ লগত ৰঞ্জিত গগৈৰ এক সুসম্পৰ্ক আছিল৷

তিনিচুকীয়া আৰক্ষীথানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগ বুঢ়াগোঁহাইয়ে কয় যে আলফাৰ লিংকমেন হিচাপে কাম কৰি থকা অৰুণ গোহাঁইৰ সৈতে ধনৰ লেনদেনত জড়িত আছিল ৰঞ্জিত গগৈ। কাকপথাৰত এনকাউণ্টাৰ সংঘটিত হোৱাৰ কেইদিনমান পিছতে অৰুণ গোহাঁইক গ্ৰেপ্তাৰ কৰা হৈছিল।ৰঞ্জিত গগৈ আৰু অৰুণ গোহাঁই দুয়োজনে মৃত আলফা কেডাৰ জ্ঞান অসমৰ সৈতে সঘনাই যোগাযোগত আছিল। ইতিমধ্যে ৰঞ্জিত গগৈয়ে অৰুণ গোহাঁইৰ একাউণ্টত ৩০,০০০ টকা জমা দিয়া বুলি স্বীকাৰ কৰিছে।

লগতে বুঢ়াগোঁহাইয়ে কয়, ‘আমি আৰু এজন লোকক আটক কৰিছিলো কাৰণ তেওঁৰ চিম কাৰ্ড ব্যৱহাৰ কৰা হৈছিল। তেওঁক সোধা-পোছা কৰাৰ পিছত যাবলৈ অনুমতি দিয়া হৈছিল।’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply