আলফা স্বাধীন

আলফা স্বাধীনৰ কেন্দ্ৰীয় কাৰ্যকৰী পৰিষদৰ স্থানত নতুনকৈ গঠন কৰিলে তিনিখন পৰিষদ ৷

পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনে প্ৰেছ বিবৃতিৰ জৰিয়তে ঘোষণা কৰা মতে,
সংগঠনটোৰ ৰাজনৈতিক গোটক নতুনকৈ ৰূপ দিয়াৰ কথা প্ৰকাশ কৰিছে |

এতিয়াৰে পৰা কেন্দ্ৰীয় কাৰ্যকৰী পৰিষদৰ স্থানত তিনিখন নতুন পৰিষদে কাৰ্যনিৰ্বাহ কৰিব | উচ্চতম, উচ্চ আৰু নিম্ন পৰিষদ ৷

জেনেৰেল পৰেশ বৰুৱাৰ সভাপতিত্বত গঠন কৰা হৈছে তিনিজনীয়া উচ্চতম পৰিষদ ৷ উচ্চতম পৰিষদৰ সদস্য সকল হ’ল লেঃ জেনেৰেল মাইকেল অসম আৰু মেজৰ জেনেৰেল নয়ন অসম ৷

আনহাতে উচ্চ পৰিষদৰ সভাপতিৰ দায়িত্বত থাকিব মেজৰ জেনেৰেল নয়ন অসম ৷ উচ্চ পৰিষদৰ সদস্য চাৰিজন হৈছে বিগ্ৰেডিয়াৰ এ জেদ শিৰোনাম অসম, বিগ্ৰেডিয়াৰ অৰুণোদয় অসম আৰু অৱসৰপ্ৰাপ্ত বিগ্ৰেডিয়াৰ সমীৰণ অসম ৷

লগতে পঢ়ক ধ্বংসৰ গৰাহত চৰাইদেউ দেওশাল,অৱহেলিত হৈ পৰি ৰৈছে ঐতিহাসিক সম্বলবোৰ

আনহাতে ১৫ জনীয়া নিম্ন পৰিষদৰ সভাপতি হৈছে মেজৰ জেনেৰেল নয়ন অসম ৷ নিম্ন পৰিষদৰ উপ সভাপতি পদত দায়িত্ব দিয়া হৈছে এ জেদ শিৰোনাম অসমক ৷
নিম্ন পৰিষদৰ সাধাৰণ সম্পাদক পদত নিযুক্তি দিয়া হৈছে অৰুণোদয় অসমক ৷ সংগঠনৰ সাংগঠনিক সম্পাদকৰ দায়িত্বত নয়ন অসম আৰু বিত্ত সম্পাদকৰ দায়িত্ব দিয়া হৈছে অৰুণোদয় অসমক। সাংস্কৃতিক সম্পাদক পদত সমীৰণ অসমক নিযুক্তি দিয়াৰ লগতে যুটীয়া সহকাৰী বিত্ত সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে গণেশ অসম আৰু ৰূপম অসমক ৷


নিম্ন পৰিষদত সহকাৰী বৈদেশিক সচিব পদত দায়িত্ব দিয়া হৈছে প্ৰাণময় অসমক, সহকাৰী সাংগঠনিক সম্পাদক পদত তীব্ৰজিৎ অসম, সহকাৰী সাংস্কৃতিক সম্পাদক পদত দীপাংকৰ অসমক দায়িত্ব দিয়া হৈছে ৷ সহকাৰী প্ৰচাৰ সম্পাদক পদত ৰিজু অসম, কাৰ্যালয় পৰিচালক হিচাপে সুজিৎ অসম আৰু দুজন জ্যেষ্ঠ সামৰিক বিষয়াকো নিম্ন পৰিষদৰ সদস্য হিচাবে থাকিব বুলি উল্লেখ কৰিছে আলফা স্বাধীনে ৷
কেন্দ্ৰীয় কাৰ্যকৰী পৰিষদ সলনি কৰি তিনি তৰপীয়া কমিটি গঠন কৰিলেও আলফা স্বাধীনৰ সামৰিক বিভাগটো আগৰ দৰেই কাম কৰি যাব বুলি বিবৃতিটোত কোৱা হৈছে ৷

লগতে পঢ়ক ঐতিহাসিক চৰাইদেউ দেওশাল পৰ্যটকৰ বাবে মুকলি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply