নিউজ ডেস্কঃ সংযুক্ত মুক্তি বাহিনী, অসমে বৃহস্পতিবাৰে প্ৰকাশ কৰিছে এক প্ৰেছ বিবৃতি। এই বিবৃতিত ৰাজ্যৰ তৈল প্ৰতিষ্ঠানসমূহত বহিঃৰাজ্যৰ ব্যক্তিক নিযুক্তি দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আলফাই। বহিঃৰাজ্যৰ ব্যক্তিক অসমৰ তৈল প্ৰতিষ্ঠানসমূহত নিযুক্ত প্ৰদান কৰা সিদ্ধান্তক বাতিল কৰাৰ বাবে দাবী উত্থাপন কৰে আলফা স্বাধীনে।

এই বিবৃতিখনত আলফা স্বাধীনে লিখিছে- ‘ আমি সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)য়ে অইল ইণ্ডিয়া লিমিটেড, অ এন জি চি, ভাৰত চৰকাৰ আৰু অসম চৰকাৰ তথ্য মুখ্যমন্ত্ৰী গৰাকীক জনাব বিচাৰো যে যোৱা ১৪/৫/২০২১ তাৰিখে আলফা স্বাধীনৰ তৰফৰ পৰা জাৰি কৰা জাননী নং CS-y-02s/S-2021ৰ ৭টা চৰ্তৰ দুই নং চৰ্ত অনুসৰি অসমত থকা তৈল প্ৰতিষ্ঠান সমূহৰ ‘অধ্যক্ষ আৰু প্ৰবন্ধ নিৰ্দেশক’ পদত অসমৰ যোগ্য ব্যক্তিৰ বাবে সংৰক্ষণ কৰা। সেই মৰ্মে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সম্পূৰ্ণ দায়িত্ব মূৰপাতি লৈ সংগঠনৰ দ্বাৰা বান্ধি দিয়া সাতোটা চৰ্ত পূৰণ কৰিব পৰা যাব আৰু উক্ত সমস্যাসমূহ সমাধান কৰিম বুলি আলফা স্বাধীন আৰু অসমৰ জনগণক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্ৰতিশ্ৰুতিক নস্যাৎ কৰি যোৱা ৯ মাৰ্চ, ২০২২ত অইল ইণ্ডিয়া লিমিটেডৰ পৰা প্ৰকাশ কৰা জাননীত অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ আৰু প্ৰবন্ধ নিৰ্দেশক পদত ড০ ৰঞ্জিৎ ৰাথ নামৰ বহিৰাগত ব্যক্তিক অধিষ্ঠিত কৰা হৈছে। যি অসমৰ থলগিৰি জনগণৰ স্বাৰ্থৰ পৰিপন্থী।’

লগতে বিবৃতিখনত আলফা স্বাধীনে লিখিছে- ‘অইল ইণ্ডিয়া লিমিটেডৰ এনে অসম বিৰোধী কাৰ্যক অসমৰ জনগণৰ লগতে অলফা স্বাধীনে কোনো কাৰণতে সমৰ্থন কৰিব নোৱাৰে। গতিকে আমি অইল ইণ্ডিয়া লিমিটেডক স্পষ্ট কৰি দিওঁ যে – PESB Meeting No. 37/2022 যোগে ঘোষণা কৰা অধ্যক্ষ আৰু প্ৰবন্ধ নিৰ্দেশক নিযুক্তি অতি সোনকালে বাতিল কৰি সেই স্থানত থলগিৰি যোগ্য ব্যক্তিক নিযুক্তি প্ৰদান কৰক, অন্যথা অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে যিকোনো প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠন বন্ধপৰিপক্ক।’ লগতে আলফা স্বাধীনে দল-সংঠনসমূহকো অইল ইণ্ডিয়াৰ বিৰুদ্ধে প্ৰতিবাদ গঢ়ি তুলিবলৈ আহ্বান জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,479 other subscribers

Leave a comment

Leave a Reply Cancel reply