নিউজ ডেস্কঃ মৰাণৰ টিংখাং থানাৰ অন্তৰ্গত লেঙেৰিৰ ২ নং কুি গাঁৱৰ নিবাসী ভাৰ্গৱ গগৈক যোৱা ৯ এপ্ৰিলত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ যায়। আলফা স্বাধীনৰ সন্দৰ্ভত ছচিয়েল মিডিয়াত পোষ্ট দিয়াৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক। তাৰপাছতে আজি অৰ্থাৎ ১১ এপ্ৰিলত আলফা স্বাধীনে এক বিবৃতি যোগে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

বিবৃতিত আলফা স্বাধীনৰ তৰফৰ পৰা কোৱা হৈছে যে- ‘ভাৰ্গৱ গগৈক ডিব্ৰুগড় সদৰ থানাত ওৰে নিশা জেৰা চলোৱাৰ উপৰিও ১০ এপ্ৰিলৰ দিনটোত জেৰা অব্যাহত ৰাখিও আলফা স্বাধীনৰ সৈতে যোগাযোগ থকাৰ কোনো প্ৰমাণ নোপোৱাৰ স্বত্বেও ডিব্ৰুগড় সদৰ আৰক্ষীয়ে ডিব্ৰুগড় আৰু শিৱসাগৰৰ ৫জন যুৱকক আলফা স্বাধীনৰ সংগঠনলৈ প্ৰেৰণ কৰা বুলি ভিত্তিহীন গোচৰত গ্ৰেপ্তাৰ কৰিছে।’

‘আমি স্পষ্ট কৰিব বিচাৰো যে, ভাৰ্গৱ গগৈয়ে আমাৰ সংগঠনলৈ কোনো যুৱকক প্ৰেৰণ কৰা নাই আৰু সংগঠনৰ কোনো ধৰণৰ কাৰ্যকলাপৰ সৈতে তেওঁৰ সম্পৰ্ক নাই। অসম আৰক্ষীলৈ আমাৰ প্ৰত্যাহ্বান, সঁচাকৈয়ে যদি ভাৰ্গৱ গগৈয়ে আমাৰ সংগঠনলৈ কোনো যুৱকক প্ৰেৰণ কৰিছে তেন্তে তাৰ প্ৰমাণ সংবাদ মাধ্যমৰ সন্মুখত দাঙি ধৰক।’- বুলি বিবৃতিত উল্লেখ কৰিছে আলফা স্বাধীনে।

লগতে আলফা স্বাধীনে লিখিছে- ‘ভাৰ্গৱ গগৈ আমাৰ সংগঠনৰ এগৰাকী বিষয়াৰ পৰিয়ালৰ সদস্য হোৱাৰ বাবেই দিল্লী আজ্ঞাবাহী অসমৰ পুতলা চৰকাৰখনৰ গৃহ বিভাগ তথা অসম আৰক্ষীয়ে তেওঁক লক্ষ্য কৰি লৈছে, যাতে পৰিয়ালৰ সদস্যক মানসিক আতিশয্য চলাই আমাৰ সংগঠনৰ নেতা, বিষয়া, সদস্য সকলক বিপ্লৱৰ পথৰ পৰা বিচলিত কৰিব পাৰে।’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply