নিষিদ্ধ ঘোষিত সংগঠন আলফাত যোৱা প্ৰায় সাতমাহমান ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা যুবক যুৱতীৰ যোগদান অব্যাহত থকাৰ বাতৰি প্ৰকাশ হৈ আহিছে।শেহতীয়াকৈ গুৱাহাটী ৰাজ্যৰ পাঁচ অসমীয়া যুৱক আলফা স্বাধীনত যোগদানৰ বাতৰি আহিছে।
আলফাত যোগদানৰ বাবে ম্যানমাৰ সীমান্ত পাৰ হৈ আলফাৰ শিবিৰত যুৱক পাঁচজন উপস্থিত হোৱাৰ কথা সুত্ৰই জানিবলৈ দিছে। আলফা নেতা আইছেং অসমৰ তত্বাবধানত নিষিদ্ধঘোষিত সংগঠনটোত ৫ যুৱকে যোগদান কৰা বুলি জানিব পৰা গৈছে৷
কিছুদিনৰ পূৰ্বে আৰক্ষীয়ে আলফাৰ সৈতে যোগসুত্ৰ ৰক্ষা কৰি থকা টুটু বৰা নামৰ এজনক গুৱাহাটীৰ সাউকুছিৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।টুটু বৰা নামৰ অভাৰ গ্ৰাউণ্ড আলফা কেদাৰজনে আলফা (স্বাধীন)ত যুৱক-যুৱতী সকলৰ নিযুক্তি প্ৰক্ৰিয়াৰ লগত জড়িত আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছিল।
আলফাত যোগদান কৰা এই পাঁচজন যুৱক হৈছে ক্ৰমে বৰপেটা সদৰৰ ধনজিৎ দাস, বাকসা গোবৰধনাৰ উদ্ধৱ দাস, তামুলপুৰ কুমাৰীকাটাৰ নিৰঞ্জন ডেকা, গুৱাহাটীৰ নাৰেংগীৰ যুগল শৰ্মা আৰু যোৰহাট নিমাতীৰ অংকুৰ দাস৷ আলফাৰ ফালৰ পৰা যোৱা সময়চোৱাত সংগঠনলৈ বহু নতুন ব্যক্তি অহাৰ কথাতো অস্বীকাৰ কৰা নাই।