স্মৃতি প্ৰিয়া লাহন টীয়ক: পঢ়াৰ ইচ্ছা থাকিও আৰ্থিক অনাটনৰ বাবেই আজিৰ যুব। প্ৰজন্মৰ এচাম পথভ্ৰষ্ট হোৱাৰ ঘটনাই সমাজক চিন্তিত কৰিছে। শেহতীয়া কৈ তিনি জন যুবক আলফাত যোগদান কৰিবলৈ গৈ গ্ৰেপ্তাৰ হোৱা খবৰে পৰিয়াল বোৰকো চিন্তাত পেলাইছে ।
তেনে এজন টীয়কৰ যুবক আলফাত যোগদান কৰিবলৈ নাগালেণ্ড ত ধৰা পৰে। টীয়কৰ এজাৰগুৰিৰ সুনীল বৰা আৰু অৰ্পনা বৰাৰ একমাত্ৰ পুত্ৰ মেধাৱী যুৱক অৰিন্দম বৰাক নাগালেণ্ডৰ মন জিলাত অসম ৰাইফলচে আটক কৰে।
পৰিয়ালৰ মতে যোৱা শুকুৰবাৰে ব্ৰইলাৰৰ দানা আনিব বুলি ঘৰৰ পৰা ওলাই গৈছিল যুৱকজন।ঘৰলৈ ঘূৰি নহা দেখি পিতৃ মাতৃয়ে প্ৰশাসনৰ লগত যোগাযোগ কৰিছিল যদিও আজি পুৱা নাগালেণ্ডৰ পৰা খবৰ অহাত হতাশ হৈ পৰিছে পিতৃ-মাতৃ।সেয়ে পুত্ৰক সোশৰীৰে ঘুৰাই দিবলৈ চৰকাৰক অনুৰোধ জনাইছে।
অনাগত দিনসমূহত পুত্ৰক বুজাই পৰাই সামাজিক হোৱাত বাধ্য কৰাব বুলি মন্তব্য কৰিছে পিতৃয়ে।মন কৰিবলগীয়া যে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা অৰিন্দমে আৰ্থিক অনাটনৰ বাবে কলেজত নাম ভৰ্তি কৰিব পৰা নাছিল।
খেতি বাতি আৰু ব্ৰইলাৰ ফাৰ্মৰ জড়িয়তে নিজৰ খৰচ উলিয়াই পৰিয়াল পোহপালত সহায়ৰ হাত আগবঢ়াইছিল।অৰিন্দমৰ পিতৃ মাতৃ এসময়ত আলফাত আছিল।১৯৯৭ আলফা এৰি উভতি আহিছিল ।
লগতে পঢ়ক-আলফা (স্বাধীন) ত যোগদান কৰিবলৈ যোৱা তিনি যুৱকক আটক