সোণাৰিঃ কুইপৰ দুই বিষয়াক মুক্তি দিয়াৰ পিছতেই পুনৰ অ এন জি চিৰ লাকুৱা তৈলক্ষেত্ৰৰ তিনিজন কৰ্মচাৰীক অপহৰণ কৰে আলফা স্বাধীনে।

কৰ্মচাৰী তিনিজন ক্ৰমে জুনিয়ৰ টেকনিচিয়ান মোহিনী মোহন গগৈ, জুনিয়ৰ টেকনিচিয়ান ৰিতুল শইকীয়া আৰু জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিছটেণ্ট অলকেশ শইকীয়া ।

অলকেশ শইকীয়াৰ ঘৰ যোৰহাটত, মোহিনী মোহন গগৈ ডিমৌ নিতাই পুখুৰীৰ আৰু ৰিতুল শইকীয়াৰ ঘৰ গোলাঘাটৰ বৰহোলাত বুলি জানিব পৰা গৈছে।

ROM 100,GGS 8ত কাম কৰি থকা অৱস্থাতে পুৱতি নিশা অপহৰণ কৰে কৰ্মচাৰীকেইজনক।

মুখত ক’লা কাপোৰ বান্ধি অহা পাঁচ জনীয়া সন্দেহজনক ব্যক্তিয়ে তৈল প্ৰতিষ্ঠানটোৰ নিৰাপত্তা ৰক্ষীক ভাবুকি দি অপহৰণ কৰে তিনি বিষয়াক।

অস্ত্ৰধাৰী দলটোৱে AS 20 -2186 নম্বৰৰ এখন এম্বুলেন্সতে তিনি কৰ্মচাৰীক অপহৰণ কৰি নিয়ে ৷

ইতিমধ্যে আৰক্ষীৰ বিষয়া সকলৰ লগতে অ’এনজিচিৰ বিষয়া সকল আহি উপস্থিত হৈছে ঘটনাস্থলীত।

আনহাতে দিচাংপানী বনাঞ্চলত আলফাই এৰি দিয়ে এম্বুলেঞ্চৰ ড্ৰাইভাৰ জনক।

বৰ্তমান আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,274 other subscribers

Leave a comment

Leave a Reply