ডিব্ৰুগড় : দেশত মাৰাত্মক ক’ভিডৰ তাণ্ডৱ অব্যাহত আছে। দেশত প্ৰতিদিনে কেইবা লক্ষাধিক লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ থকাৰ লগতে মৃত্যুৰ মুখত পৰি আছে হাজাৰ হাজাৰ লোক। ইতিমধ্যে মঙলাবাৰৰ দিনটোত দেশত ক’ভিডত আক্রান্ত হৈ মৃত্যুৰ মুখত পৰা ৰোগীৰ সংখ্যাই বিশ্ব ৰেকৰ্ড ভংগ কৰিছে। মঙলাবাৰৰ দিনটোত ভাৰতৰ মৃত্যুৰ মুখত পৰিছে ৪,৫২৯ জন ক’ভিড ৰোগী।
দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বিগত কিছুদিন ধৰি দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিডৰ দ্বিতীয়টো ঢৌৰ সংক্ৰমণ। আনকি ক’ভিডৰ সংক্ৰমণৰ পৰা ৰক্ষা পৰা নাই কাৰাগাৰত বন্দী হৈ থকা কাৰাবন্দী সকল। ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত ক’ভিডৰ ভয়াবহ সংক্ৰমণ ঘটা বুলি জানিব পৰা গৈছে। কাৰাগাৰখনৰ ভিতৰত থকা ৫২৪ জন কাৰাবন্দীৰ ভিতৰত ৫২ জনৰ শৰীৰত ধৰা পৰিছে ক’ভিড।
লগতে পঢ়ক : পৃথিৱীৰ অসুখৰ মাজতো ৰূপে-ৰঙে জাতিষ্কাৰ বিনন্দীয়া প্ৰকৃতি
ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰৰ ক’ভিডত আক্রান্ত ৫২ জন কাৰাবন্দীৰ ভিতৰত আছে আলফা নেতা জীৱন মৰাণ। শেহতীয়াকৈ কাৰাগাৰখনৰ ভিতৰত থকা কাৰাবন্দী সকলৰ ক’ভিড পৰীক্ষা কৰাত ৫২ জন কাৰাবন্দীৰ শৰীৰত ক’ভিডৰ অৱস্থিতি ধৰা পৰে। ক’ভিডত আক্রান্ত কাৰাবন্দী সকলক কাৰাগাৰৰ ভিতৰতে চিকিৎসা প্ৰদান কৰা হৈছে।