নিউজ ডেস্কঃ সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)য়ে অসমৰ শ্ৰম আৰু নিয়োগ দপ্তৰৰ কেবিনেট মন্ত্ৰী তথা ১২২ নং তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণৰ ওপৰত আৰোপ কৰা সকলো ধৰণৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে। এক বিবৃতিযোগে আজি এই ঘোষণা কৰে আলফা স্বাধীনে।

বিবৃতিখনত আলফা স্বাধীনে লিখিছে- ‘শ্ৰম আৰু নিয়োগ দপ্তৰৰ কেবিনেট মন্ত্ৰী তথা বিধায়ক সঞ্জয় কিষাণে সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনৰ সন্মানীয় সভাপতি মহাশয়ক মিছলীয়া বুলি অপমান সূচক মন্তব্য কৰিছিল। সেই ভুলৰ অনুশোচনা কৰি সংবাদ মাধ্যমৰ জৰিয়তে সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠন ওচৰত ক্ষমা-প্ৰাৰ্থনা বিচৰাৰ পৰিপ্ৰেক্ষিতত তেখেতৰ ওপৰত আৰোপিত সকলো ধৰণৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছে। লগতে অদূৰ ভৱিষ্যতে তেখেতক তেনে তৰল মন্তব্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা হ’ল।’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply