সোণাৰি: আলফা(স্বাধীন) ত যোগদান কৰিবলৈ যোৱা তিনি যুৱকক নাগালেণ্ডৰ মন জিলাৰ ভাৰত-ম্যানমাৰ সীমান্তত আটক কৰিলে অসম ৰাইফলছে। ২৭ নং আছাম ৰাইফলছৰ জোৱান সকলে গোপন সূত্ৰৰ পম খেদি চলোৱা এক অভিযানত ভাৰত-ম্যানমাৰ সীমান্তৰ এটা ঘৰৰপৰা কৰায়ত্ত কৰে তিনিওকে।
আটকাধীন যুৱককেইজন ক্ৰমে ওদালগুৰি জিলাৰ জলহা অঞ্চলৰ মহেন্দ্ৰ ডেকাৰ পুত্ৰ বিকাশ ডেকা (২১), যোৰহাট জিলাৰ এজাৰগুৰি অঞ্চলৰ সুনীল বৰাৰ পুত্ৰ অৰিন্দম বৰা (১৯) আৰু আনজন তিনিচুকীয়া জিলাৰ শদিয়া অঞ্চলৰ যোগেশ চন্দ্ৰ নেওগৰ পুত্ৰ সীমান্ত নেওগ বুলি সেনাৰ সূত্ৰত প্ৰকাশ ।
সম্প্রতি উদ্ধাৰ হােৱা যুৱককেইজনক মূল সুঁতিলৈ ঘূৰি আহিবলৈ পৰামর্শ প্রদান কৰা হৈছে বুলি সেনা সূত্রই জানিব দিছে ।
ইফালে ধৃত যুৱকত্ৰয়ক নাগালেণ্ডৰ মন জিলাস্থিত আছাম ৰাইফলছৰ শিবিৰত সোধা পোছা অব্যাহত ৰাখিছে । সম্ভৱত আজি তিনিওকে আছাম ৰাইফলছে অসম আৰক্ষীৰ হাতত চমজাই দিব ।
লগতে পঢ়ক-গোলাঘাটত বিবাহ যাত্ৰীৰ গাড়ী দুর্ঘটনাগ্ৰস্থ : দুজনৰ মৃত্যু