অএনজিচিৰ তিনিজন কৰ্মচাৰীৰ ভিতৰত দুজনক অপহৰণকাৰীৰ কবলৰ পৰা সেনা আৰু অসম ৰাইফলছৰ যৌথ অভিযানত নাগালেন্ডৰ মন জিলাৰ পৰা উদ্ধাৰ কৰাৰ পিছতেই প্ৰকাশ পালে আলফা স্বাধীনৰ বিবৃতি। অসম আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰাৰ কথা কোৱাৰ বিপৰীতে আলফাৰ বিবৃতিটোত ক’লে “আমি তিনিও জনকে মুকলি কৰি দিছো”। ৰিতুল শইকীয়া সন্দৰ্ভত সেনাই কোনো স্থিতি গ্ৰহণ নকৰাৰ সন্দৰ্ভত
অনাংক্ষিত ঘটনাৰ বাবে আমি দায়ী নহয় বুলি আলফাই স্পষ্ট কৰিছে।
নিশা ১০ বজাৰ পৰা ২.৩০ বজালৈকে বিভিন্ন ঠাই চলিছিল গুলিবৰ্ষণ। এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দৰ্ভত ১৪ জন লোকক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে ৷ তেওলোকৰ সহায়তে আলফা স্বাধীনে তিনিজন অএনজিচিৰ কৰ্মচাৰীক অপহৰণ কৰাৰ কৌশল ৰচনা কৰিছিল বুলি অসম আৰক্ষীয়ে কয় ৷
অএনজিচিৰ অপহৰণ কাণ্ডৰ লগত জড়িত বিপ্লৱজ্যোতি মহন জড়িত আছিল বুলি শিৱসাগৰৰ আৰক্ষী অধীক্ষকে সংবাদমেলত মন্তব্য কৰে ৷ বৰ্তমান ONGC ৰ দুই বিষয়া-কৰ্মচাৰী মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক অসম আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ কিন্তু এতিয়ালৈকে কোনো খবৰ পোৱা নাই ৰিতুল শইকীয়াৰ ৷ ৰিতুল শইকীয়াৰ সন্ধান্তত অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে অসম আৰক্ষীয়ে ৷