নিউজ ডেস্কঃ সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)য়ে শুকুৰবাৰে এক প্ৰেছ বিবৃতি প্ৰকাশ কৰিছে। আলফাৰ এই বিবৃতিত স্পষ্ট কৰি দিয়া হৈছে যে- যোৱা ২২ ফেব্ৰুৱাৰী, ২০২২ত অসম আৰক্ষী তৰফৰ পৰা জাৰি কৰা জাননীৰ দৰে আলফাই তেনেধৰণৰ কোনো পৰিকল্পনা কৰা নাই। বিবৃতিটোত আলফাই লগতে উল্লেখ কৰিছে যে- অসম আৰক্ষীৰ কেইজনমান উৰ্ধতম কৰ্তৃপক্ষই নিজৰ ক্ষুদ্ৰস্বাৰ্থ পূৰণৰ বাবে অইল কৰ্তৃপক্ষক শংকিত কৰাৰ অসম আৰক্ষীৰ ই এক উদ্দেশ্য প্ৰণোদিত অপকৌশল।

অসম আৰক্ষীৰ এনে অপকৌশলৰ আঁৰত আছে এক বিত্তীয় কেলেংকাৰী কৰিব পৰা সুচল পথ। আলফা স্বাধীনয়ে অইলৰ বিষয়া-কৰ্মচাৰীক অপহৰণ কৰিব বুলি ভয়-ভীতি প্ৰদৰ্শনেৰে নিজৰ পৰিসৰ বহল কৰাৰ লগতে সংখ্যা বৃদ্ধি কৰিব বিচাৰিছে বুলি বিবৃতিযোগে কয় সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)য়ে। লগতে বিবৃতিটোত লিখিছে- অইল প্ৰতিষ্ঠান সমূহত নিয়োজিত প্ৰহৰীৰ বিপৰীতে অইল কৰ্তৃপক্ষই প্ৰায় ৭০ হাজাৰধিক টকা আদায় দিয়ে সঁচা, কিন্তু অসম আৰক্ষী বিভাগৰ তৰফৰ পৰা প্ৰায় ৩০ হাজাৰ টকা মানহে প্ৰতিগৰাকী প্ৰহৰীলৈ দৰমহাহিচাপে মুকলি কৰি দিয়া হয়।

আলফা স্বাধীনৰ এই বিবৃতিত উল্লেখ কৰা মতে, ‘অইলৰ বিষয়া-কৰ্মচাৰীক বন্দী কৰিবলৈ আলফা স্বাধীন সংগঠনে অইলৰ নিৰাপত্তা ৰক্ষীৰ সংখ্যাৰ ওপৰত বিচাৰ নকৰে। এই কথা তথাকথিত ভাৰত চৰকাৰ, অসম চৰকাৰ তথা অসমৰ গৃহ বিভাগ ভালদৰে অভিজ্ঞ। আমি অইল ইণ্ডিয়া আৰু অ এন জি চি কৰ্তৃপক্ষক অৱগত কৰাও যে অইল ইণ্ডিয়া আৰু অ এন জি চি প্ৰতিষ্ঠান বা প্ৰতিষ্ঠানৰ কোনো কৰ্মচাৰীৰ সৈতে আলফা স্বাধীন সংগঠনৰ কোনো ধৰণৰ শত্ৰুতা নাই আৰু অসম আৰক্ষীৰ সৈতেও নাছিল। কিন্তু শেহতীয়াকৈ দেখা গৈছে যে, অসম আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষই অসম আৰক্ষী বাহিনীক পৈতৃক সম্পত্তি ৰূপে জ্ঞান কৰি বাহিনীত কৰ্মৰত আৰক্ষী সকলক অসৎভাৱে প্ৰৰোচিত কৰি আলফা স্বাধীনৰ বিৰুদ্ধে থিয় কৰোৱা তথা অসমৰ জনগণৰ ওচৰত আমাক হেয় প্ৰতিপন্ন কৰোৱাৰ ষড়নন্ত্ৰ ৰচনা কৰা পৰলক্ষিত হৈছে।

সেয়েহে আলফা স্বাধীনে অসম আৰক্ষীক শেষ সকীয়নি প্ৰদান কৰিছো যাতে অনাগত দিনত অসম আৰক্ষীয়ে অইল আৰু অ এন জি চিৰ কৰ্মচাৰীৰ সন্দৰ্ভত এনে ধৰণৰ ভয়-ভীতিৰ ভুৱা বাতৰি প্ৰকাশ আৰু সংগঠনৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰাৰ পৰা বিৰত থাকে। অন্যথা সঁচাকৈয়ে তেনে পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হম আৰু ইয়াৰ বাবে অসম আৰক্ষীয়ে সম্পূৰ্ণৰূপে দায়ী হ’ব লাগিব।’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,479 other subscribers

Leave a comment

Leave a Reply Cancel reply