আলফা স্বাধীনৰ পৰা বিত্ত সম্পাদক জীৱন অসমক অব্যাহতি

আলফা স্বাধীনে অব্যাহতি দিছে সংগঠনৰ বিত্ত সম্পাদক জীৱন অসমক।

আলফা স্বাধীনৰ পুৰণি কেডাৰ গৰাকীৰ স্বাস্থ্য আৰু প্ৰতিকূল অৱস্থানৰ বাবে উন্নত চিকিৎসাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি আলফা স্বাধীনে প্ৰেছ বিবৃতি যোগে ঘোষণা কৰিছে।

উল্লেখ্য যে, বহুদিনৰে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে জীৱন অসম। তেওঁৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিয়েই আলফা স্বাধীনে ২৫ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ অব্যাহতি দিছে জীৱন অসমক।

সভাপতি অভিজিৎ অসমে দিয়া বিবৃতি মতে, বিত্ত সম্পাদক জীৱন অসমৰ স্বাস্থ্য আৰু প্ৰতিকুল অৱস্থানত সু চিকিৎসাৰ অভাৱত অতি জটিল হৈ পৰিছে।

সেয়ে ঘৰলৈ গৈ চিকিৎসা আৰু পৰিয়ালৰ মাজত জীৱনৰ বাকী কাল কটোৱাৰ মনোবাঞ্চাক গ্ৰাহ্য কৰি আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ সংগঠনৰ সকলো দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ কথা উল্লেখ কৰিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply