গুৱাহাটী : পুৱাই এটা সুখবৰ। অ এন জি চিৰ কৰ্মচাৰী ৰিতুল শইকীয়াক মুকলি। বিয়লি ঘৰ পাবহি ৰিতুল শইকীয়া। মুক্তি পাইছিল যোৱা কালিয়েই। ধুমুহা বৰষুণ ভূমিস্খলনৰ মাজেৰে ম্যানমাৰৰ বিপদসংকুল দীৰ্ঘ পথ অতিক্ৰমি অৱশেষত দেশৰ মাটিত ৰিতুল শইকীয়া। পৰিয়ালৰ কাষ পাব আজিয়েই

অৱশেষত ৩১ দিনীয়া উদ্বিগ্নতাৰ অন্ত পৰিল। আলফা স্বাধীনে অপহৰণ কৰা অ এন জি চিৰ কাৰিকৰী অভিযন্তা বৰহোলা নাঙল গাঁৱৰ বাসিন্দা ৰিতুল শইকীয়াক মুক্তি দিলে আলফাই। মূখ্যমন্ত্ৰীৰ আহ্বানৰ পাছতে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আলফা স্বাধীনৰ মূখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই ৰিতুল শইকীয়াক মুক্তি কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল আৰু আজি পুৱা ৭.১০ বজাত মুক্তি দিয়ে ৰিটুল শইকীয়াক।

ইয়াৰ লগে লগে এটা মাহৰ পাছত ৰিতুল শইকীয়াৰ পত্নী শতাব্দী আৰু সন্তান ৰূটানছৰ মুখত হাঁহি দেখা গ’ল। আজিৰ ভিতৰতে ঘৰ আহি পাবহি ৰিটুল শইকীয়া। লাকোৱাৰ তৈলখাদৰ পৰা তিনিজনক অপহৰন কৰি নিছিল আলফাই। ইয়াৰ মাজৰে দুজনক সেনা আৰু অসম ৰাইফলচৰ যুটীয়া অভিযানত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই পৰিয়ালটোক ৰিতুল শইকীয়া উভতি আহিব বুলি জনাইছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply